“উৰেষা বৰ্ণন” প্ৰক্ষিপ্ত বা ই শঙ্কৰদেৱৰ আগ-বয়সৰ ৰচনা নহয় বুলি কেৱেঁ নকয়; অথচ "কীৰ্ত্তন” পুথি প্ৰকৃততে “শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ” শেষ হোৱাৰ পাছত ৰত্নাকৰ কন্দলীৰ “সহস্ৰনাম বৃত্তান্ত আৰম্ভ। তাৰ শেষতহে ই ঠাই পাবৰ হেতু কি? সচা কথা, শঙ্কৰদেৱৰ নিজ কালত সিচৰতি হৈ থকা এই অধ্যায়বোৰ একেলগ কৰা হোৱা নাছিল; ৰামচৰণ ঠাকুৰে বিভিন্ন ঠাইৰ পৰা ইয়াক গোটাই নি দিয়াত মাধৱদেৱে “যৈত যিবা কথা, খৈব লাগে থৈছে, বিচাৰি দেখিল পাছে।” আৰু “নলাগে লাৰিবে; ভালে আছে সৱে, এহি বুলি হাসিলন্ত।” দৈত্যাৰিৰ গুৰু-চৰিতৰ পৰা গোটেই প্ৰসঙ্গ তুলি দিব লাগিল-
“পাছে কতোদিনে শ্ৰদ্ধা ভৈল মনে,
ৰামচৰণৰ জান।
ঠাই ঠাই ঘোষা কীৰ্ত্তন আছয়
কৰো আনি একথান॥
কতো আছে হাজো দক্ষিণ কূলত,
কতো বৰ নগৰত।
কতো বড়পেটা অসম ৰাজ্যত,
কতোহো কালকালঝাৰত॥ ১৫৬৬।
বছৰেক মান ফুৰি এক থান
কৰিল ঘোষা কীৰ্ত্তন।
মাধৱদেৱক পুনু দেখিবাক
গৈলন্ত ৰামচৰণ॥ ১৫৭৮।
দেখি পুথিখান আনন্দিত মন,
তাৱক্ষণে উঠিলন্ত।
শিৰৰ উপৰ পুথিখান ধৰি
আনন্দতে নাচিলন্ত॥ ১৫৮৫।
বোলা উচ্চ কৰি কেনে উপকাৰী
আমাৰ ৰামচৰণ।