সংসাৰত আৰু জীৱনত পাপ নকৰা কোন আছে? অজামিলেও সেইদৰেই পাপ কৰিছিল বেশ্যাত পতিত হৈ; সমাজত তেনে অজামিলৰ আকাল নাই। কিন্তু সেই সকলোৱেই তেনে বেশ্যাক উদ্ধাৰ কৰি পত্নী পাতি লোৱা নাই, আৰু তাইৰ দ্বাৰা দশ পুত্ৰৰ বাপেকি হৈ “পোষন্তে পুত্ৰ-ভাৰ্য্যাক” “অষ্টাধিক আশী” বছৰ কটোৱা নাই। গতিকে ব্যাসৰ ভাগৱতৰ এই অজামিল এলা-পেচা "পতিত" নাছিল নিশ্চয়। শঙ্কৰদেৱৰ এই লিখা আৰু দেখা পদ আৰু আখৰৰ মাজত নিলিখা আৰু নেদেখা পদ আৰু আখৰ কিবা আছে; তাক অলপ যত্নেৰে আৰু সাৱধানে পঢ়িলে আমি ইয়াকে পাওঁ :-
ব্ৰাহ্মণ অজামিলৰ জীৱনৰ গড়াত পাপৰ ওখ গছ গজিছিল সঁচা, কিন্তু তাৰ তলেদি চিৰচিৰকৈ পুণ্যসলিলা অশ্ৰু-নদী বৈ আছিল; সেই নৈৰ তলসুতিয়ে কোনেও, আন নালাগে অজামিলে নিজেও, নজনাকৈ সেই পাপ-বৃক্ষৰ শকত শিপাও মনে মনে খানি আছিল। ইহাতে, একালৰ বেশ্যা হলেও এতিয়া অজামিলৰ কাৰ্যত ধৰ্মপত্নীৰ সৈতে পৱিত্ৰ গাৰ্হস্থ্য জীৱন যাপনৰ ফলত সেই পাপ-বক্ষতে কোনেও মন নকৰাতে পুণ্যৰ ফল ফলিছিল। কনিষ্ঠ পুত্ৰৰ প্ৰতি অত্যন্ত প্ৰীতিৰ হেতুকে পৃথিবী চ'লাথ কৰি বিচাৰি অতি হেপাহেৰে, কিয়, অজামিলে নিজে নজনাকৈও হব পাৰে, তাৰ নাম বলে “নাৰায়ণ” : “নাৰায়ণতকৈ সোৱাদ নাম “প্ৰাণতো অধিক সিটো পুত্ৰ"ৰ বাবে অজামিলে বিচাৰি নাপালে, ইয়াৰ তাৎপৰ্য এয়ে কোনেও, আন নালাগে অজামিলে নিজেও, নজনাকৈ আমিল কৃষ্ণ-গ্ৰাহে ধৰিছিল আৰু কনিষ্ঠ পুত্ৰৰ “অতি দয়াতৰে” নামকৰণ কৰাত আগতে তেওঁৰ অন্তৰ নাম-মাহাত্ম্যই মথি পেলাইছিল। শেষ মুহূৰ্ততে “কৃষ্ণ বৰ্ণ কায়, দেখি ধাতু যায়”-তেনেকুৱা “ভয়ঙ্কৰ তিনি গোটা যমদূত, আগে ভৈল উপগত” দেখি সিহঁতৰ পৰা ৰক্ষা কৰিবলৈ বৰ লৰা বা তিৰুক নামাতি “আইস নাৰায়ণ” বুলি কনিষ্ঠ পুত্ৰক মাতিবৰ হেতু সেয়ে; অজামিলৰ নিজৰ অজ্ঞাতে হলেও কনিষ্ঠ পুত্ৰ নাৰায়ণৰ