পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৮৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৮
যুগনায়ক শঙ্কৰদেৱ

শয়নতো থাকে মন পুত্ৰত সমূলি।
সপোনতো ডাকে সিটো নাৰায়ণ বুলি॥
ক্ষণে ক্ষণে মন তাৰ তনয়ত পৰে।
সপোনে-সচিতে নাৰায়ণ নাম নেৰে।” ৮১।

 ইয়াক বৈষ্ণৱ বা ধৰ্মমূলক প্ৰসঙ্গ বুলি এখন্তেকৰ বাবে হলেও যদি আমি পাহৰি যাওঁ, আৰু যদি সেই কনিষ্ঠ পুত্ৰৰ নাম নাৰায়ণ নহৈ নাই বা এনে কিবা বুলিও ভাবি লওঁ, তেতিয়া আমি স্বতন্ত্ৰভাৱে ওপৰত পদ কেই ফাঁ‌কি পঢ়িলে তাৰ প্ৰথম শাৰীয়ে আমাৰ অন্তৰত ভাৱতে আঘাত দিব সেই পিতা আৰু সেই পতিৰ প্ৰতি নিৰ্মম ব্যৱহাৰ কৰা হৈছে বুলি। যি পিতৃয়ে আঠ ওপৰ আশী বছৰ কাল অকপটভাৱে লৰা-তিতা পুহিও এতিয়া নুমলীয়া শিশুৰ লগত এক- প্ৰাণ হৈ সংসাৰৰ দুশ্চিন্তা পাহৰি দিন-ৰাতি মাস-বছৰ কটাই দিৰ পাৰে তেওঁৰ অন্তৰ শিশুৰ দৰে স্বৰ্গীয় নহয় বুলি কোনে কব? ইয়াতকৈ পৱিত্ৰ আৰু আধ্যাত্মিক ক্ষেত্ৰ কি হব পাৰে?

 “যীশুৱে এটি শিশু মানুহবিলাকৰ মাজলৈ আনি কলে, মই দঢ়াই কৈছোঁ‌ তোমালোক যেতিয়ালৈকে এই শিশুটিৰ নিচিনা হব নোৱাৰা, তেতিয়ালৈকে তোমালোকে, বৈকুণ্ঠতে ঠাই নাপাবাঁ‌। আৰু যেয়ে মোৰ নামত এনে এটি শিশুক গ্ৰহণ কৰিব, তেওঁ মোকেইহে গ্ৰহণ কৰিব।” (মেথু, ১৮।২-৫)।

 এতিয়া সেই কনিষ্ঠ পুত্ৰৰ নাৰায়ণ নামকৰণলৈ মন কৰোঁ‌। “কীৰ্ত্তন”ত লিখিছে, অতি দয়াতৰে কনিষ্ঠ পুত্ৰৰ নাম থৈল।” (১৭৫)। “জাতিত ব্ৰাহ্মণ সিটো কামত চাণ্ডাল”, “অনেক অধৰ্ম কৰন্তে বিপ্ৰৰ আয়ু ভৈল সমাপত”; তেনে মহাপাপীয়ে কনিষ্ঠ পুত্ৰৰ আন নাম দিবলৈ পৃথিবীত ঠাই নাপাই "নাৰায়ণ” নামকে বা "অতি দয়াতৰে" দিবলৈ পালে কেনেকৈ? ইয়াক নিশ্চয় ঘটনাক্ৰমে “দৈবক্ৰমে” বুলিৰ নোৱাৰি।