এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭২
যুগনায়ক শঙ্কৰদেৱ
অনেক অধৰ্ম কৰন্তে বিপ্ৰৰ
আয়ু ভৈল সমাপত।
ভয়ঙ্কৰ তিনি গোটা যমদূত
আগে ভৈলা উপগত, ১৭৬।
ব্ৰাহ্মণক ধৰি জীৱ বাজ কৰি
বান্ধিলেক হাত তুলি।
ভয়ে অজামিল পুত্ৰক ডাকিল
আইস নাৰায়ণ বুলি॥ ১৭৭।
মৰন্তে বিপ্ৰৰ মুখত শুনিয়া
হৰিৰ কীৰ্ত্তন বাণী।
প্ৰভু নাম লৱে বুলি খেদি আইল
বিষ্ণু-দূত চাৰি প্ৰাণী।” ১৭৮।
ইয়াত কোৱা হৈছে, পাপী অজামিলে পুতেককহে মাতিছিল, বিষ্ণুক মতা নাই; কিন্তু ঘটনাক্ৰমে বিষ্ণুৰ নামেই পুতেকৰ নাম হোৱাত সেই নাম উচ্চাৰণ কৰা বাবেই,
“কোটি জনমৰ যত মহাপাপ
তাৰ প্ৰায়শ্চিত্ত ভৈল॥ ১৮৩।
হৰি-নামে সৱ পাতক দহয়,
জ্ঞানে বা অজ্ঞানে বোলে।
যেন হুতাশনে শুকান কাষ্ঠক
অতি অপ্ৰয়াসে পোলে॥
প্ৰমাদত থাকি যিটো হৰি বোলে
সিয়ো সৱ দুখ ভৰে।
নজানি ভুঞ্জিলে যেন মহৌষধি
তাৰে গৰ্ভ-ৰোগ হৰে॥” ১৮৭।
স্বাভাৱিকৰূপে নাম-ধৰ্ম সাম্প্ৰতিকভাৱে স্বীকাৰ কৰি আমাৰ এতিয়া