এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭১
শঙ্কৰদেৱৰ শেষতীয়া ৰচনা
লৱে মাত্ৰ এক কৃষ্ণত শৰণ
আন দেৱে নাই ৰতি।
তপ ধৰ্ম সৱে এৰিব কৃষ্ণত
কেৱল কৰি ভকতি॥ ৫৮।
একবাৰ মাত্ৰ কৃষ্ণ চৰণত
কৰাইলে মন নিবেশ।
এতেকে সকল ভৈল প্ৰায়শ্চিত্ত
গুচিল পাপ নিশেষ॥ ৬২।
পৰম জ্ঞানত কৰ্মত কৰিয়া
ভকতিসে শ্ৰেষ্ঠ আতি।
ভকতি কৰিলে পৰম পৱিত্ৰ
হোৱে মহা অন্ত্য জাতি॥” ৬৩। (বৃঃ অঃ উঃ)
ইয়াৰ চূড়ান্ত প্ৰমাণ কনৌজপুৰৰ পতিত বামুণ অজামিলৰ উপাখ্যান। “কীৰ্ত্তন"ৰ চমু কাহিনীৰ পৰা প্ৰস্তাৱটো মুকলি কৰা হওক:
“হৰিৰ নামৰ শুনিয়ো মহিমা
সাৱধান কৰি চিত্ত।
অজামিল নামে আছিল ব্ৰাহ্মণ
বেশ্যাত ভৈল পতিত।
বিপ্ৰৰ ঔৰসে বেশ্যাৰ গৰ্ভত
দশ পুত্ৰ জাত ভৈল।
অতি দয়াতৰে কনিষ্ঠ পুত্ৰৰ
নাৰায়ণ নাম থৈল॥ ১৭৫।
জাতি কুল ক্ৰিয়া সমস্তে ত্যজিল,
মিলিল কৰ্ম বিপাক।
যত মহাপাপ সমস্তে সিজিল
পোষন্তে পুত্ৰ ভাৰ্য্যাক।