কুৰি
শঙ্কৰদেৱৰ শেষতীয়া ৰচনা
অজামিল উপাখ্যান ভাগৱতৰ এক তাৎপৰ্য্যপূৰ্ণ কাহিনী। গুৰু- জনাই “কীৰ্ত্তন"ৰ ৪২টি পদত ইয়াৰ চমু বিৱৰণ দি “বৃহৎ অজামিল উপাখ্যান"ৰ ৩৭৫ পদত তাৰ ব্যাখ্যা দিছে। ইয়াৰ মূল প্ৰতিপাদ্য বিষয় হল :
“হৰিৰ কীৰ্ত্তনে মহা পাতকক
যি মতে কৰে নিৰ্য্যাণ।
আন প্ৰায়শ্চিত্তে পৱিত্ৰ কৰিবে
নোৱাৰে তাৰ সমান।।
যিটো পাতকৰ প্ৰায়শ্চিত্ত কৰে,
দুনাই তাতে মন মজে।
চিত্তৰ শোধন হৰিৰ কীৰ্ত্তন
পাপৰ আলু উভঞ্জে।।” ১৮৫ (কীৰ্ত্তন)।
পৰীক্ষিত ৰজাৰ প্ৰশ্ন: সকলো জাতিৰ বাবে উত্তম প্ৰায়শ্চিত্ত কি; আৰু তাৰ উত্তৰত শুক মুনিৰ এই অজামিল উপাখ্যান কথন।
“যেন ধুৱাইলেক হাতী দুনাই লৱে কুটা-মাটি,
শৰীৰত বান্ধে আতি মল।
কেহো বেলা এৰে পাপ, কেহো বেলা কৰে তাক,
প্ৰায়শ্চিত্ত এতেকে বিফল॥ ৫৫।
অজ্ঞানী যতেক প্ৰায়শ্চিত্ত কৰে
শাস্ত্ৰৰ সম্মত চাই।
পাপকেসে শোযে বীজ নুগুচয়,
ওপজে পাপ দুনাই॥ ৫৭।