পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৭৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৮
যুগনায়ক শঙ্কৰদেৱ

সেহিজন জানিবাহাঁ‌ প্ৰাকৃত ভকত।
আৰুঢ় হৈয়াছে তেহোঁ‌ ভক্তিৰ পথত॥ ৮২।
স্থূল দেহ ভগ্ন হৈলে যত জীৱৰাশি।
পুনৰপি লীন হোৱে প্ৰকৃতিত আসি॥ ১১৭।
যিটো ব্ৰহ্মা মাধৱৰ ভকতি-বিহীন।
তেহোঁ‌ হোৱে আসি পুনু প্ৰকৃতিত লীন॥
ব্ৰহ্মাৰো মুকুতি নাই নভৈলে ভকতি।
সামান্যৰ কিবা কথা কহিবোঁ‌ নৃপতি॥ ১১৮।
যেন কাষ্ঠ দহিলে অগনি নৰহয়।
সেহি মতে হোৱে সৱে প্ৰকৃতিত লয়॥ ১১৯।
ব্ৰহ্মা আদি কৰি কীট-পতঙ্গ পৰ্য্যন্ত।
মায়ায়ে সৱাৰো হেতু সৃষ্টি স্থিতি অন্ত॥ ১২৪।
যতেক জগৎ দেখা মায়াৰ নিৰ্মাণ।
চিনাইলোঁ‌ মায়াক ৰাজা দেখাঁ‌ বিদ্যমান॥ ১২৫।
মায়াৰ তাৰণ নিমি শুনিয়ো সম্প্ৰতি।
উপজাইবে প্ৰথমে সৱাতো বিৰক্তি॥ ১৩১।
দুখ দূৰে যাইবে মুখ হৈবে বুলি মনে।
কৰ্মক আৰাধে কোন মহা মূঢ়জনে।
দুখকেসে মিলাৱে সুখ নাহিকে কিঞ্চিৎ।
দেখিবে কৰ্মৰ ফল হেন বিপৰীত॥ ১৩২।
যদি বোলা ধন হন্তে ধৰ্ম ওপজয়।
সেহি ধন হন্তে স্বৰ্গ সুখ পাৱয়॥
শুনিয়ো স্বৰ্গত আছে যত যত সুখ।
সমস্ত বিনাশী সদা পাৱে মাত্ৰ দুখ॥ ১৩৪।
অন্তকৰ শঙ্কায়ে ব্ৰহ্মাৰো সুখ নাই।
সামান্য কোন লেখা শুনা নিমি ৰায়॥ ১৩৬।