দুয়ো কথা পদবন্ধে কৰিছোঁ মিলাই।
যেন মধু মিশ্ৰ দুগ্ধে অতি স্বাদ পায়॥” ৫।
“ইয়াৰ শ্ৰৱণ কীৰ্তনে সাক্ষাতে সাধয় পৰম গতি” বুলি লেখকে এই “পাতক-তাৰণ ৰুক্মিণীহৰণ” কাহিনী শেষ কৰিছে।
“ভকতি-প্ৰদীপ শাস্ত্ৰ মহন্তৰ গতি।” “গৰুড় পুৰাণ কৃষ্ণ-অৰ্জুন সম্বাদ।” হৰিশ্চন্দ্ৰ উপাখ্যানৰ দৰেই ইয়াতো:
“যত দেৱঋষি ৰাজঋষি ব্ৰহ্মঋষি।
ভৈলন্ত একত্ৰ সেহি সভাত হৰিষি॥ ১০।
যজ্ঞে দানে ব্ৰতে মোক্ষ কাহাৰো যুগুতি।
কেহোঁ বোলে মহাজ্ঞান যোত মুকুতি॥
কেহোঁ বোলে সাধে গতি এই ৰাজসূয়।
অঙ্গিৰা নাৰদে বুলিলন্ত কিছু হুই॥ ১১।
জ্ঞান কৰ্ম যোগক কৰন্তো মহা কষ্ট।
অল্প ছিদ্ৰে কৰে তাক তেতিক্ষণে ভ্ৰষ্ট॥
ৰাজসূয় কৰি যেৱে ব্ৰহ্মলোকে চৰে।
পুণ্য ক্ষয় ভৈলে দুনাই সংসাৰত পৰে॥ ১২।
বঞ্চে ব্ৰহ্ম-লোকত আচৰি তপ-যোগ।
নাহি একো সুখ ইন্দ্ৰিয় মাত্ৰ ভোগ॥
মায়াময় দেৱ-ধৰ্ম সমস্তে বিনাশী।
আতো মোক্ষ আছে শুনি উঠে মোৰ হাসি”॥ ১৩।
এই প্ৰসঙ্গত অৰ্জ্জুনৰ সন্দেহ-উদয় হোৱাত কৃষ্ণই অঙ্গিৰা আৰু নাৰদৰ মত সমৰ্থন কৰি নানা কথা বুজাই এই বুলি সামৰণি মাৰে:
“বোলন্ত কেশৱে শুনা উত্তৰ ইহাৰ।
হৌক নৰ যদ্যপি পৰম দুৰাচাৰ॥
মোক মাত ভজয় নুপূজি দেৱ আন।
তথাপি পৰম সাধু সেই মোৰ প্ৰাণ॥ ৩৪।