“প্ৰথমে বোলন্ত পূজিয়োক গণপতি।
ৰজায়ে বোলন্ত অৰু কমন যুগুতি॥
পৰম পুৰুষ হৰি তাঙ্ক এৰি আগে।
কিবা গুণে গণেশক পূজিবাক লাগে॥ ২৫।
জগতৰ নাথ সংসাৰৰ আদি মূল।
বিষ্ণুক পূজিবোঁ প্ৰথমতে দিয়া ফুল॥
বিষ্ণুত অৰ্পিবোঁ যত পূজা যজ্ঞ দান।
বিষ্ণু ব্যতিৰেকে দেৱ নজানোহোঁ আন॥ ২৬।
হৰি তুষ্ট ভৈলে তুষ্ট হোৱে চৰাচৰ।
হেন বিষ্ণু এৰি পূজিবোঁহো লম্বোদৰ॥ ২৭।
বশিষ্ঠ বদতি শুনা নৃপতি প্ৰধান।
গণেশক কিসক কৰাঁহা এতমান॥
নৃপতি বোলন্ত গুৰু নুবুলিবাঁ মোক।
মাধৱক আৰাধিলে যেই লাগে হোক॥ ২৮।
বিঘ্নিৰ শঙ্কায়ে নুপূজিবোঁ হৃষীকেশ।
ওকণিক ভয়ে কোনে মুণ্ডি আছে কেশ॥২৯।
বশিষ্ঠ লৈলন্ত আনো ঋষিত সম্মতি।
গণেশক এড়ি পূজিলন্ত লক্ষ্মীপতি॥” ৩০।
বাহ্যিক প্ৰমাণৰ অভাৱ হলেও আভ্যন্তৰীণ প্ৰমাণৰপৰা আখ্যান- মূলক “কক্মিণীহৰণ কাব্য” “হৰিশ্চন্দ্ৰ উপাখ্যান” ৰচাৰ সময়ৰে বুলি ধৰিব পাৰি, যদিও ইখনত সিখনৰ দৰে কোনো প্ৰতিপাদ্য বিষয় নাই।
“কৃষ্ণ পদ-পঙ্কজ-যুগল মনে ধৰি।
গুৰুৰ চৰণ মনে নমস্কাৰ কৰি॥
হৰিবংশ কথা কবি শঙ্কৰে সম্প্ৰতি।
ৰুক্মিণীহৰণ পদ-বন্ধে নিগদতি॥ ৪।
একে হৰিবংশ কথা অমৃত সাক্ষাৎ।
আৰো ভাগৱত কথা মিশ্ৰ দিলোঁ তাত॥