পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুই

বহু-শৰণৰ বিপক্ষে জৰথুস্ত্ৰ ধৰ্ম

আছিয়া মহাদেশৰ পাঁচটা ঘাই ধৰ্মৰ ভিতৰত জৰথুস্ত্ৰ ধৰ্ম অন্যতম। ভাষাতত্ত্বৰ বিচাৰত ইৰাণীয় আৰু বৈদিক যেনেকৈ ইন্দো-ইউৰ’পীয় ভাষাৰ একেটা ডালৰ দুটা ঠাল, ধৰ্ম-তত্ত্বৰ ফালৰ পৰাও জথুৰাস্ত্ৰ ধৰ্ম মূল আৰ্য ধৰ্মৰ এটা ডাল। বেদত বৰ্ণোৱা পঞ্জাবৰ সুবাস্তু জনপদকে যিসকলে আৰ্য্যৰ আদি-নিবাস বুলিব খোজে, তেওঁলোকৰ মতে ধৰ্ম- নীতি সম্পৰ্কীয় এটা মূল প্ৰভেদৰ পৰাই আৰ্যৰ এই ঠালটো ইৰাণলৈ উঠি গৈ তাত স্বতন্ত্ৰৰূপে এই ধৰ্ম চলায়। যি মূল প্ৰভেদৰ বাবে আৰ্যধৰ্ম কালক্ৰমত দুটা স্বতন্ত্ৰ ধৰ্ম হল সি ওপৰে ওপৰে চালে নগণ্য; কিন্তু ধৰ্ম-তত্ত্বৰ ফালৰ পৰা ৰহস্যপূৰ্ণ। বেদৰ যজ্ঞই জৰথুস্ত্ৰ ধৰ্মশাস্ত্ৰ আবেস্তাৰ যস্ন; বেদৰ উপনয়নেই মজদীয় (জৰথুস্ত্ৰ) ধৰ্মৰ নৱজোৎ; বেদৰ অনিৰ্বাণ অগ্নিয়েই মজদীয় ধৰ্মৰ আতঃশ্‌-ই- বেহৰম। দেৱ-দেৱীৰ সম্পৰ্কেও একে কথা; কিন্তু বাইবোল আৰু কোৰাণৰ দেৱ-দূতৰ দৰে সেইবোৰ অহুৰ মজ্‌দাৰ (পৰমেশ্বৰৰ) অধীন, বৈদিক দেৱ-দেৱীৰ দৰে স্বতন্ত্ৰ নহয়। বেদৰ দেৱতা মিত্ৰ বা স্পশঃ, আৱেস্তাৰ মিথ্ৰ বা স্পশো; বেদৰ বৃত্ৰঘ্ন (ইন্দ্ৰ), আৱেস্তাৰ বেৰেথঘ্ন; বেদৰ উষস্‌, আৱস্তাৰো উষস, ইত্যাদি।

 পৰমেশ্বৰ জ্যোতিৰ্ময় বাবেই সূৰ্য আৰু অগ্নিক তেওঁৰ প্ৰতীকৰূপে বহুত ধৰ্মই স্বীকাৰ কৰে; বাইবোলে জ্যোতি আৰু তেজ (পোহৰ) ঈশ্বৰৰ প্ৰথম প্ৰকাশ বুলি মানে। বৈদিক আৰু মজদীয় ধৰ্ম উভয়েই সূৰ্য আৰু অগ্নিক সেইদৰেই শ্ৰেষ্ঠ স্থান দিয়ে; কিন্তু বেদে যে অগ্নিক (আৰু সূৰ্য্যক) ঈশ্বৰৰ মুখ বুলিছে, মজদীয় ধৰ্মই তাক অস্বীকাৰ কৰিছে। বৈদিক যজ্ঞত অগ্নিক দেৱতাবোৰৰ মুখস্বৰূপ বুলি অগ্নিত