পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬০
যুগনায়ক শঙ্কৰদেৱ

 “শুনিয়া শঙ্কৰদেৱে হেলা কৰিলন্ত।
 সন্ন্যাসীৰ কৃত জ্ঞান কৰ্ম কহিলস্ত॥ ৭৫।
 তান বাক এড়াইবাক শঙ্কৰে নপাই।
 লভিলা হৰিষ সিটো গ্ৰন্থখান চাই॥” ৭০৬।

ৰামভউৰ ইমান ভক্তি আৰু তুতি-নতিৰ সত্ত্বেও সন্ন্যাসীয়ে ৰচা শাস্ত্ৰ বুলি শঙ্কৰদেৱে পোনতে আওহেলা কৰা কথায়ো যে বিষ্ণুপুৰী প্ৰভৃতিত শঙ্কৰদেৱৰ গুৰু অনুসন্ধানৰ পৰা কিছুমান জীৱক বিৰত কৰিব নোৱাৰে, ইয়াতকৈ আচৰিত কি?