পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৯
শঙ্কৰদেৱৰ ভাগৱত-পাণ্ডিত্য

 তেজিয়া আসিলা ভাগৱত অমৃতক।
 চৰ্বন কৰিব লাগি বেদান্ত কাষ্ঠক॥
 মোহোৰ বচন কৰ্ণ পাতি শুনিয়োক।
 পুনৰ্বাৰ শঙ্কৰৰ পাশক যায়োক॥ ১৪৩৮।
 শঙ্কৰত জনাইবাহা মোৰ নমস্কাৰ।
 কলিত বৈষ্ণৱ বিষ্ণু, সৰ্ব-শাস্ত্ৰ-সাৰ॥ ১৪৩৯।
 এহি বুলি আনি ৰত্নাৱলী পুস্তকক।
 সম্বোধি বুলিবে লৈলা কণ্ঠভূষণক।
 বিষ্ণুপুৰী সন্ন্যাসী অমৃত ইটো কৃত।
 বৈষ্ণৱজনৰ ইটো মহা মনোনীত॥ ১৪৪০।
 এহি পুথিখনি দিবা শঙ্কৰ হাতত।
 তাৰ পৰা প্ৰচাৰিবে সমস্ত ৰাজ্যত॥
 কণ্ঠভূষণেও প্ৰণমিয়া পুস্তকক।
 নবীন বস্ত্ৰত বান্ধি কৰি আদৰক॥ ১৪৪১।
 সম্বোধন কৰি পাছে ছাত্ৰ-সমস্তক।
 গুৰুত অনুজ্ঞা মানি লৰিলা গৃহক॥ ১৪৪২।
 কণ্ঠভূষণক পাছে শঙ্কৰে পুছিলা।
 বেদান্ত নপঢ়ি কেনে উলটি আসিলা॥ ১৪৪৪।
 দেখি কণ্ঠভূষণৰ আনন্দ ভৈলন্ত।
 ৰত্বাৱলী পুথিখান হাতত লৈলন্ত॥
 পৰম গৌৰৱে শঙ্কৰৰ হাতে দিলা।
 ৰামভট্টৰ স্তুতি-নতি সমস্তে কহিলা॥” ১৪৭৫।

ইমানৰ মূৰতো আধুনিক বিৰোধীবোৰে পাতে বিকল্পে ৰামভট্ট বা ব্ৰহ্মানন্দক শঙ্কৰদেৱৰ গুৰু, যেন সাতকাণ্ড ৰামায়ণত পণ্ডিত হৈ আহি সোধে বোলে সীতা ৰামৰ মাক নে ভনীয়েক? সি যি হওক, সেই বিষ্ণুপুৰীৰ ৰত্নাৱলী পাই পোনতে শঙ্কৰদেৱে কেনে ব্যৱহাৰ কৰিছিল তাকে লক্ষ্য কৰিব লগীয়া। দৈত্যাৰিৰ মতে :