পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৬৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৭
শঙ্কৰদেৱৰ ভাগৱত-পাণ্ডিত্য


দেহৰ বিকাৰ যত শোক-মোহচয়।
তিনিও লোকক ইটো জুড়িয়া আছয়॥ ৩৪০১।
শুনিয়োক বিপ্ৰবৰ কহে আৱে মই।
ভাগৱত শাস্ত্ৰক অভ্যাস কৰা তই॥
কৃষ্ণত ভকতি তোৰ হুইবেক প্ৰচুৰ।
কাম-ক্ৰোধ লোভ-মোহ সৱে হুইব দূৰ॥ ৩৪০২।
ভাগৱত শাস্ত্ৰ পাছে অভ্যাস কৰিলা।
এহি কথা কহিয়া সন্ন্যাসী চলি গৈলা।” ৩৪ ০৬।

আধুনিক বিৰোধীবিলাকে বিচাৰি পাই অনা “শঙ্কৰদেৱ গুৰুৰ গুৰু” এই বিষ্ণুপুৰীয়েই!! কিন্তু তেওঁ যদি কেনেবাকৈ গুৰুৰূপে কটা যায়, তেন্তে বিকল্পে আকস্মিক ঘটনাৰ বাবে আচুতীয়াকৈ ৰখা সেই বিষ্ণু পুৰীৰে শিষ্য ব্ৰহ্মানন্দ বা তস্য শিষ্য’ (?) ৰামভট্টক সেই ঠাইত ঠিয় কৰায়; আৰু তাৰ বাবে শঙ্কৰদেৱে মাধৱদেৱক বিষ্ণুপুৰীৰ ৰত্নাৱলী ভাঙিবলৈ আদেশ দিয়া কথাই আকৌ তেওঁলোকৰ মূলধন। এতিয়া আমি আকৌ তেওঁলোকক খেদি ধৰিব লগা হ'ল; আৰু এই প্ৰসঙ্গ কণ্ঠভূষণৰ কাহিনীত পোৱা হয়।

“কণ্ঠভূষণ নামে ব্ৰাহ্মণ আছিলা।
চাৰিখান কল্পক অহিতে পঢ়িলা।
বেদান্ত শাস্ত্ৰক পঢ়িবাক ইচ্ছা কৰি।
বাৰাণসী প্ৰদেশক গৈল যত্ন কৰি॥ ১৪২৫।
ৰামভট্ট নামে তৈত বিপ্ৰ একজন।
পৰম বৈষ্ণৱ বেদান্তত সুশোভন॥
অনেক পণ্ডিত বিপ্ৰ পঢ়ে সেহি ঠাই।
অতি আনন্দিত ভৈল বাৰাণসী পাই॥ ১৪২৬।
অনেক পঢ়ুৱা সেহি থানত থাকয়।
কণ্ঠভূষণক তাৰসৱে নোছোৱয়॥