পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৬২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৪
যুগনায়ক শঙ্কৰদেৱ


এতেকৰ মত নপাৰি লিখিত
 যেমন জানয় যিটে॥ ১৭০৬।
নাহিকে আৰিস মুখৰ কথাক
 কহন্তো তেখনে লড়ে। ১৭০৭।

 অকল দৈত্যাৰিৰ কথাত ভিৰ দিব নোৱৰাৰ এটা স্পষ্ট সতৰ্ক বাণী এইঃ জগদীশ মিশ্ৰক লগ পোৱাৰ পাছত ভাগৱত গ্ৰন্থ বিচাৰ কৰি শঙ্কৰদেৱে ভক্তি-গ্ৰন্থ প্ৰকাশ কৰা, আৰু পোনতে কীৰ্ত্তনৰ ছন্দ ৰচনা কৰা বুলি উমানতে ৯৫-৯৭ পদত কৈ তাৰ লগতে লিখিলে—

“শঙ্কৰো পলাই গৈলা লোকৰ লগত।
কীৰ্ত্তন-ঘোষা পুথিখন ৰহিল ঘৰত॥
তাক নিবে লাগি একেশ্বৰে আসিলন্ত।
আসামে বেঢ়িল যেৱে ঘৰ পশিলন্ত॥ ১৯।

যেন জগদীশে ভাগৱত পঢ়াৰ লগে লগেই ততাতৈয়াকৈ “কীৰ্ত্তন- ঘোষ।” লিখা শেষ হৈ গল, আৰু তাৰ বহুত কালৰ পাছতহে “সাত কঠিখান দেৱ শঙ্কৰক দিয়া। শঙ্কৰদেৱক গুৰু মাধৱে মানিয়া।” ( ২৭১ পদ): গতিকে দৈত্যাৰিৰ এই বৃত্তান্তৰ সকলো কথা নিৰ্ভৰযোগ্য নিশ্চয় নহয়।

 শঙ্কৰদেৱৰ আধুনিক বিৰোধীবিলাকে ৰামচৰণ প্ৰভৃতিৰ এই সকলো জ্বল্জ্ব‌ল্‌-পট্প‌ট্‌ প্ৰমাণলৈ আওকাণ কবি তেওঁলোকৰ কাল্পনিক মত এনেদৰে ৰচনা কৰে যেন শঙ্কৰদেৱ কৰবাত কেতিয়াবা কোনোবা বিষ্ণুপুৰী সন্ন্যাসীৰ বা তেওঁৰ কোনোবা শিষ্যৰ শিষ্ট আছিল গতিকে জগদীশ মিশ্ৰই সেই কাল্পনিক লোকজনৰ ভাৰী স্বৰূপেহে ভাগৱতখন আনি শঙ্কৰদেৱক দিছিল! এই দুষ্ট ভ্ৰান্ত মত দূৰীকৰণৰ বাবেই আমি আকৌ বিষ্ণুপুৰী সন্ন্যাসীক খেদি ধৰিব লগা হল বাস্তৱতে অনাৱক সত্ত্বেও।

 দ্বিতীয়বাৰ দেশ-ভ্ৰমণত কৈনেকৈ এজন সন্ন্যাসীশঙ্কৰদেৱৰ অনুৰক্ত