ভাগৱতৰ “গীত-পদ কৰি মই আছোঁহে পূৰ্বত” বোলোঁতা, আৰু
কথাত নহয় কামত, সেই গীত-পদ সেই বামুণক শুনাই মুগ্ধ কৰোঁতা
শঙ্কৰদেৱে তেতিয়ালৈকে ভাগৱত শাস্ত্ৰ নোপোৱাকৈ বা নেদেখাকৈ
নাছিল। ৰামচৰণৰ পদতে পুনৰপি তাৰ প্ৰমাণ পোৱা হয় :
“প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্য্যন্ত।
পঢিলন্ত বিপ্ৰে ব্যাখ্যা কৰি ভাগৱত॥ ২১৮১।
পৰম হৰিষ মনে পঢ়ে বিপ্ৰবৰ।
দোষণ সিদ্ধান্ত দেন্ত আপুনি শঙ্কৰ॥” ২১৮২।
সদ্ বুদ্ধি থকা কোনো লোকক দুনাই বুজাব নালাগিব যে আগতে কোনো কালে ভাগৱত নেদেখা হলে বামুণে পঢ়াৰ লগে লগে ভাগৱত-পাঠৰ “দোষণ সিদ্ধান্ত” দি যাব কেতিয়াও নোৱাৰিলেহেতেন। আগতে কোৱা হৈছে এই প্ৰমাণ উল্লেখ-কৰোঁতা অন্য একমাত্ৰ লেখক দৈত্যাৰিৰ ডাল-জোৰা দিয়া কথাই ৰামচৰণৰ কথা অপ্ৰমাণ কৰিব নোৱাৰে। তেওঁ পিতাক ৰামচৰণৰ গুৰুচৰিত ঢুকি নোপোৱাৰ কাৰণ যিয়েই হওক, তেওঁৰ কথা অন্য প্ৰমাণ বিনে যে গ্ৰহণ কৰিব নোৱাৰি তাৰ কাৰণ তেওঁৰ নিজৰ পদতেই আছে :
“এহি কথা বুঢ়ীৰ পো গোবিন্দতো
পুছিলোঁ আমি প্ৰৱন্ধে।
গোবিন্দ আতই ৰঙ্ মনে বুলি-
লন্ত লিখা পদবন্ধে॥১৭০২।
যিমান জানন্ত তেহেঁ কহিলন্ত,
আনতো যিবা শুনিল।
ৰামচৰণত শুনিছোঁ যি মত
সৱাকো আমি লিখিল॥ ১৭০৪।
নানান প্ৰকাৰে ইসৱ কথাক
চৰ্চ্চন্ত নানা ভকতে।