পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
যুগনায়ক শঙ্কৰদেৱ


নানান লোকৰ মাজত আজিও চলি আছে। কিন্তু ধৰ্মৰ নামত ধন-সম্পত্তিৰ ডকাইতি, সৰহ কি, নৰ-মাংস ভক্ষনো সিমান জঘণ্য নহয়, যিমান মহাপাপ নৰ-আত্মা-ভক্ষণ! যীশুখৃষ্টই কৈছিল, ‘তোমালোকৰ দেহ হত্যা কৰিব, তালৈ কেৰেপ নকৰিবাঁ; কিন্তু চাবঁ। যাতে তোমালোকৰ আত্মাক হত্যা ( নৰকগামী) কৰিব নোৱাৰে।’ (মেথু, ১০৷২৮)। স্বৰূপতে, যিবোৰে দেহত হত্যা কৰে সিহঁতে মৰণশীল বস্তুৰে অগ্ৰিম বিনাশ সাধে মাথোন; কিন্তু যি জীৱ-শ্ৰেষ্ঠ মানৱৰ সৰ্বশ্ৰেষ্ঠ ধন বিবেকৰ হৰণ কৰি পৱিত্ৰ আত্মাক নৰকগামী কৰে, সি প্ৰকৃততে অমৰ আত্মাক মাৰি পেলোৱাৰ নিচিনা মহাপাপ কৰে।

 সচাকৈয়ে জগতৰ পৱিত্ৰ ধৰ্মৰ ইতিহাস এইদৰে অধৰ্মেৰে যিবোৰে কলঙ্কিত কৰি আহিছে সিবোৰ জীয়া-নৰকতেই পচি মৰে। মুক্ত ঈশ্বৰৰ মুক্ত জগতত মানৱ মনৰ মুক্তিয়েই ধৰ্মৰ মূল কথা; তাৰ পৰিবৰ্তে নীচ স্বাৰ্থৰ বাবে সেই ধৰ্মৰ নামতে মানৱ মনক দাসত্বৰ শিকলি পিন্ধোৱাৰ নিচিনা আৰু পাপ নাই।

———