পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৫৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৯
 

শঙ্কৰদেৱৰ মাধৱদেৱৰ মিলন


মাধৱৰ অন্ন পাছে শঙ্কৰে খুজিলা।
তাহাৰ পাতৰ অন্ন আপুনি ভুঞ্জিল॥ ৩৩৪১।
শঙ্কৰে বোলন্ত আৰ কিছু দোষ নাই।
ভিন্ন ভাব নাই তুমি আমি একে কায়॥ ৩৮৪২।
অনন্তৰে পাৰিলন্ত শয্যা শয়নৰ।
মাধৱক হাতে ধৰি নিলন্ত শঙ্কৰ॥
দুয়োজনে যাই পাছে শয্যাত বসিলা।
মাধৱ দেৱতা গুৰু পাৱক যান্তিলা॥ ৩৮৪৫।
মহা প্ৰেমে ভৈলা দুয়ো একোহি শৰীৰ।•••
শঙ্কৰৰ গাৱে মাধৱ গৈলা লীন॥ ৩৮৪৭।
হেন শুনি ভক্তসৱে জিজ্ঞাসিয়া চাইলা।
শঙ্কৰদেৱক মাত্ৰ শয্যাত দেখিলা॥ ৩৮৪৮।