পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৫৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৮
যুগনায়ক শঙ্কৰদেৱ

ইহাতে, মাধৱদেৱক লগ পোৱাৰ পৰা শঙ্কৰদেৱৰ জীৱনৰো এটি নতুন অধ্যায় আৰম্ভ হল; জোঁৱায়েক হৰি ভূঞাক শিৰোমণি ভূঞাৰ বিষয়-বাব চলাবলৈ এৰিদি দিনে-ৰাতিয়ে ধৰ্ম-চৰ্চা কৰিবলৈ ধৰিলে।

“মাধৱদেৱক লাগ   যেহি দিন হন্তে পাইল,
  শঙ্কৰে এৰিলা আন কৰ্ম।
আন নাহি ৰাত্ৰি-দিনে  কৃষ্ণৰ কথাত বিনে
  মাধৱৰ চৰি যায় মৰ্ম॥ ২৩৮৭।
কৃষ্ণ যেন মতে   উদ্ধৱত ভক্তি
  কহিল যিটো ৰহস্য
মাধৱদেৱৰ   প্ৰেম-ভকতিত
  ভৈলন্ত শঙ্কৰ বশ্য।” ২৩৯৬।

ধৰ্ম, সাহিত্য, সমাজ, সদৌ ক্ষেত্ৰত শঙ্কৰ-মাধৱৰ মিলন সোণত সুৱগাৰ দৰেই জিলিকি আছে। ভক্ত-চৰিত্ৰকাৰে দুইৰো শেষ বিদায়ৰ চিত্ৰ এনেদৰে আঁকিছে :

“অনন্তৰে শঙ্কৰে গণককুছি পাইল।
মাধৱদেৱৰ যাই গৃহত ৰহিলা॥
মাধৱে বসাইয়া পখালিলন্ত ভৰি।
ভকতসৱক থান দিলন্ত সাদৰি॥ ৩৮৩২।
শঙ্কৰে বুলিলা পাছে মাধৱক চাই।
ভুঞ্জিবো তোমাৰ হাতে অন্ন ৰান্ধা যাই॥ ৩৮৩৩।
হেন শুনি মাধৱে কৰন্ত অসন্তোষ। ৩৮৩৪।
তযু পাত্ৰে ভাত দিবে মোৰ যোগ্য নাই।
অধমৰ হাতে বোলা কোনে অন্ন খায়॥ ৩৮৩৭।
মাধৱে বোলন্ত অৱশেষ অন্ন দিয়ো। ৩৮৪০।
হেন শুনি গুৰু দিলা অৱশেষ অন্ন৷
মাধৱে আনন্দ মনে কৰিলা ভোজন।৷