যদি ফল পাৱে তাৰ আছয় বিনাশ।
মহত্তসকলে তাত নকৰে বিশ্বাস॥
যজ্ঞ কৰি ধৰি আনি পণ্ডক ছেদয়।
অৰ্পণা নভৈলে একো এল নধৰয়॥ ২২১৭।
যদি এহিজন কৰে স্বৰ্গক গমন।
নৰকত তেৱে পড়িবেক কোন জন॥
যি কাৰ্য্য়ে কাটিলা বলি তাতো নাহি আশ।
তম নৰকত চিৰকাল হোৱে বাস॥ ২২১৮।
সংসাৰত আয়া-যাত নুগুচে জীৱৰ।
এতেকে প্ৰবৃত্তি-পথ পৰম দুষ্কৰ॥ ২২১৯।
ভাৰত পুৰাণ ব্যাস ঋষি কৰিলন্ত।
যাৰ যেন জাতি-ধৰ্ম সৱে বিহিলন্ত॥
চাৰিয়ো বেদৰ কৰিলেক শাখা-ভেদ।
তথাপিতো নুগুচে মনৰ মহা খেদ। ২২২২।
পশু-হিংসা ধৰ্ম বিহিলন্ত জগতত।
সি কাৰণে সুস্থ নাহি ব্যাসৰ মনত॥
বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহা ভাগৱত।
নাৰায়ণে কহিলন্ত ব্ৰহ্মাৰ আগত॥ ২২২৩।
ব্ৰহ্মা নাৰদত কৈলা নাৰদে ব্যাসত।
ব্যাসে কহিলন্ত পাছে মহা ভাগৱত॥
শুকক পঢ়াইলা ব্যাসে ইটো শাস্ত্ৰ-সাৰ।
শুকে পৰীক্ষিত আগে কৰিলা প্ৰচাৰ॥ ২২২৪।
সাধু সঙ্গে কৃষ্ণ-ভক্তি কেহ নলয়।
কাৰ্য্য় কৰ্ম কৰি ঘোৰ নৰকে পড়য়॥
পদ-বন্ধে নিবন্ধিলোঁ শাস্ত্ৰ ভাগৱত।
শ্ৰৱণ-কীৰ্ত্তন কৰি তৰোক জগত॥ ২২২৫।