সোতৰ
শঙ্কৰদেৱৰ মাধৱদেৱৰে মিলন
শঙ্কৰদেৱৰ সঠিক ধৰ্ম-মত বুজিবৰ বাবে তেওঁৰ ৰচিত পুথিৰ আলো- নাৰ আগতে মাধৱদেৱৰ লগত যি তৰ্ক-আলোচনা আৰু তাৰ মীমাংসা হৈছিল, তাকেই পোনতে সাৱধানে বিচাৰ কৰিবলগীয়া। ভুযণৰ এই বিষয়ৰ পদ ৰামচৰণৰ লগত একে; ৰামানন্দৰ বৃত্তান্ত অনিৰ্দিষ্ট; দৈত্যাৰিৰ বৰ্ণনা সাধাৰণ হলেও ৰামচৰণৰ পাছত ওপৰঞ্চিৰূপে লোৱা হ’ব। মাধৱদেৱেই পোনতে আলোচনা মুকলি কৰিলে-
“শৰৎ কালত পূজা সমস্তে কৰয়।
পূৰ্ব হন্তে ইটো বিধি নিয়ম আছয়॥
বেদ আজ্ঞা লঘিলেও মহা পাপ হয়।
অৱশেষে মৰি ঘোৰ নৰকে পড়ায়॥
বেদৰ বিহিত কম লাগে কৰিবাক।
নকৰিলে শাস্ত্ৰে দুৰাচাৰ বোলে তাক॥ ২২১২।
এতেকতে আমি দেবী-পূজা কৰোঁ জানি।
ঈশ্বৰৰ আজ্ঞা ইটো, আছে বেদ-বাণী॥ ২২১৪।
শঙ্কৰে বোলন্ত পাছে মাধৱক চাই।
শুনিয়োক কহোঁ মই শাস্ত্ৰ অভিপ্ৰায়॥
ঋষিগণে কৰে মিটো বেদক ব্যাখ্যান।
নিজ অৰ্থ ভকতিক ত্যজি কৰে আন॥ ২২১৫।
তপ জপ যজ্ঞ কৰি ব্ৰহ্মলোকে চৰে।
পূণ্য ক্ষীণ ভৈলে দুনাই নৰকত পৰে॥
বেদমতে কৰ্ম যদি অছিদ্ৰে কৰয়।
অৰ্পণা নভৈলে একো ফল নধৰয়॥ ২২১৬।