এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪০
যুগনায়ক শঙ্কৰদেৱ
“তত্ৰৈব গঙ্গা যমুনা চ তত্ৰ
গোদাবৰী তত্ৰ সৰস্বতী চ।
সৰ্বাণি তীৰ্থানি বসন্তি তত্ৰ
যত্ৰাচ্যতোদাৰ কথা-প্ৰসঙ্গ॥”
এহি শ্লোক গুটি পঢ়িলন্ত তেহে,—
‘ইতো সৰ্বশাস্ত্ৰ সাৰ।
আৰ বাৰ পঢ়াঁ', পঢ়িলন্ত পুনু;
বোলে “পঢ়াঁ আৰ বাৰ॥”
এহিমতে তিনি বাৰ পঢ়াইলন্ত
শঙ্কৰদেৱে এতেক।
ৰাখিলন্ত শ্লোক বুলিলন্ত তাঙ্ক,
‘বুঝিৱ আৰ অৰ্থক।৷ ২২৮।
তেহেঁ কহিলন্ত, ‘নুবুঝিৱ অৰ্থ;
শুনিয়া শঙ্কৰে হাসি।
শ্লোকৰ সমস্ত অৰ্থ বাখানিয়া
কহিলা তান্ত প্ৰকাশি॥
কৃষ্ণৰ উদাৰ কথাৰ প্ৰসঙ্গ
যথাত হোৱে নিশ্চয়।
গঙ্গা গোদাবৰী আদি যত তীৰ্থ
নিবাস তথা কৰয়॥ ২২৯।
হেন শুনি তেহেঁ বোলৈ, ‘কৈক যাইবোঁ,
তীৰ্থত কাৰ্য্য কমন।
তীৰ্থৰ আশাক ত্যজি সেহি দিনে
কৃষ্ণত লৈলা শৰণ॥ ২৩০।