কেৱৰ শাস্ত্ৰৰ কথা সহজে আয়ত্ত কৰাত সহায় কৰিব পাৰে। গতিকে
চিহ্নযাত্ৰা ৰচনা, ভাগৱতৰ পৰা উদ্ধৱ-সম্বাদ ৰচি শৰণ-দান,
বৰদোৱাৰ নামঘৰত চতুভুজ মূৰ্ত্তি-থাপন আদি দেখি-শিকাতকৈ বৰ
সৰহ জ্ঞান নুবুলিব পাৰি। পত্নী-বিয়োগত বিষয়-বিৰক্তিৰ হলাহল
উপচি পৰিল, আৰু বাৰ-বছৰীয়া তীৰ্থ-ভ্ৰমণে শাস্ত্ৰ-জ্ঞানৰ লগত
সংসাৰ-জ্ঞান মিলাই ঠেকি-শিকা জ্ঞান লাভৰ অৱকাশ যাচিলে।
সেই তীৰ্থ-ভ্ৰমণৰ সূক্ষ্মবিৱৰণৰ মাজত তীৰ্থ-ভ্ৰমণৰ পৰা শঙ্কৰদেৱে
কোনো পূণ্য গাত সানি অনা বা কৰবাত কোনোবাই শিক্ষা-দীক্ষা
দি কল-কৌশল শিকাই-বুজাই পঠিওৱাৰ লেশমাত্ৰ আভাস পাবলৈ
নাই। তাৰ বিপৰীতে, শঙ্কৰদেৱেহে স্বয়ং জগন্নাথ-ক্ষেত্ৰত ব্ৰহ্মপুৰাণ
আদি শাস্ত্ৰৰ ব্যাখ্যাৰে নিজ পাণ্ডিত্য আৰু মাহাত্ম্য় স্থাপিত কৰি
অহাৰ সম্পূৰ্ণ সঙ্কেত পোৱা হয়।
শঙ্কৰদেৱৰ সমসাময়িক নাৰায়ণ ঠাকুৰৰ পুতেক পুৰুষোত্তম ঠাকুৰে তেওঁৰ গুৰু-গুণমালা’ পুথিত ভাৰতবৰ্ষৰ নানা ঠাইত এই তীৰ্থ- ভ্ৰমণত হোৱা শঙ্কৰদেৱৰ শিষ্যসমূহৰ উল্লেখ এনেদৰে কৰিছেঃ
“ৰাধাদাস সন্ত’ |
গুৰু মানিলন্ত। |