কন্যা যাচি দেই বিহা কৰিয়ো শঙ্কৰ।
গোত্ৰ-বৃদ্ধি হৌক বাপু আমাৰ বংশৰ॥
শুনিয়া শঙ্কৰে তাক মৌন হুয়া ৰৈলা।
সালঙ্কৃতা কৰি কন্যা বিবাহক দিলা॥” ২১৪০।
এই প্ৰথম চেষ্টাত সফল হৈ জয়ন্ত-মাধৱে দ্বিতীয় চেষ্টাৰূপে শঙ্কৰ- দেৱক নিজ শিৰোমণি ভূঞাৰ বিষয় গ্ৰহণ কৰিবলৈ ফুচুলালে; কিন্তু কৃতকাৰ্য্য নহল :
“জয়ন্ত মাধৱ দুয়ো প্ৰিয় বাক্য আশ্বাসিয়া
সম্বুধি বুলিলা শঙ্কৰক।
তোমাৰ পিতৃৰ লোকে তোমাতে খাটোক বাপ,
চৰ্চ্চিয়োক পূৰ্ব বিষয়ক॥
শঙ্কৰে বোলন্ত মোক নালাগে পিতৃৰ লোক,
প্ৰয়োজন নাহিকে আমাৰ।
পঢ়িলোঁহাঁ শাস্ত্ৰ দুঃখে গৃহত থাকিয়া সুখে
কৰিবোঁহোঁ অৰ্থক বিচাৰ॥ ২১৪৯।
শঙ্কৰে বোলন্ত ভাই, শুনিয়োক ৰাম ৰায়,
দেৱ-গৃহ সাজিয়ো যতনে।
হেন কথা শুনিলন্ত, সত্ৰ-গৃহ সজাইলন্ত
ৰামৰায় মহাৰঙ্গ মনে॥
ৰামৰাম গুৰু সঙ্গে সেহি গৃহে বহি ৰঙ্গে
ভাগৱত কৰিলা বিচাৰ।
তত্ত্ব-মৰ্ম জানিলন্ত মনে খেদ কৰিলন্ত,
মায়াময় অনিত্য সংসাৰ॥” ২১৫১।
এই কথাখিনি বিশেষভাৱে লক্ষ্য কৰিব লগীয়া। সাধাৰণ ভাষাত কবৰ দৰে দেখি-শিকা আৰু ঠেকি-শিকা দুটা সুকীয়া কথা। শঙ্কৰদেৱৰ মনীষাক আমি আচৰিত ঐশ্বৰিক যি নামকে দিওঁ লাগে, সেই মনীষাই