পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৫
শঙ্কৰদেৱৰ তীৰ্থভ্ৰমণৰ তাৎপৰ্য্য

কিবা ব্ৰহ্ম ঈশ্বৰ নজানে একো নৰে।
শঙ্কৰক গঙ্গা দেৱী বহু স্তুতি কৰে॥” ১৯২৭।

গঙ্গাৰ পৰা একুৰি এদিনৰ মূৰত যেতিয়া ক্ষেত্ৰ পালেগৈ, তাতো পাণ্ডাবোৰে তেনেকৈয়ে স্বপ্নাদেশ পোৱা আদি কথাও শঙ্কৰদেৱৰ প্ৰতিভাত কেন্দ্ৰীভূত :

“পাণ্ডাগণে বোলে শুনা দ্বিতীয় ঠাকুৰ।
জগন্নাথ তুমি সমে নুহিকা বিদূৰ॥ ১৯৪৮।
শঙ্কৰে প্ৰসাদ খাই অৱশেষ থৈল।
তাক খাইবে প্ৰতি দাৰু ব্ৰহ্ম চলি গৈল॥” ১৯৫৮।

তীৰ্থ-যাত্ৰা সমাপন কৰাৰ আগতে আকৌ যেতিয়া ক্ষেত্ৰলৈ গৈ ব্ৰহ্ম- পুৰাণৰ ব্যাখ্যা কৰে, তেতিয়া পাণ্ডাবোৰৰ সেই ভক্তি-বিমিশ্ৰিত শ্ৰদ্ধা :

“ব্ৰহ্ম পুৰাণক চাই শঙ্কৰে কহন্ত।
যেন মতে জগন্নাথ সাক্ষাত ভৈলন্ত॥
সিসৱ বৃত্তান্ত কথা শুনিয়া সমস্ত।
ক্ষণপ্ৰায় গৈল দিন সৱাৰ মনত॥” ২১২৭।

অতি সম্ভৱ, এই তীৰ্থ-ভ্ৰমণৰ শেষত এই ব্ৰহ্মপুৰাণৰ চৰ্চাকে মনত লৈ শঙ্কৰদেৱে “উৰেষা বৰ্ণন” ৰচে; কিন্তু পাছত ইয়াৰ বিকৃত তাৎপৰ্য্য হোৱাৰ শঙ্কাত ইয়াক একেবাৰে নষ্ট নকৰি মাধৱদেৱৰ মিনতি মতে “কৃষ্ণ সূৰ্য্য ভৈলন্ত উদিত” আৰু মাধৱ বান্ধৱ” ঘোষাৰে নাম-মাহাত্মা-সূচক দুটি অধ্যায় যুক্ত কৰি “কীৰ্ত্তন’’ৰ শাৰীৰ মূৰত ঠাই দিয়ে।

 তীৰ্থৰ পৰা ঘূৰি অহাত শঙ্কৰদেৱৰ সম্পূৰ্ণ উদাস ভাব লক্ষ্য কৰিয়ে কুসুম্বৰৰ দুই খুৰাক আহি তেওঁক প্ৰথম বাধা দিলে:

“জয়ন্ত মাধৱ দুই ভাই আসিলেক।
শঙ্কৰক পাই পাছে বাক্য বুলিলেক॥
বিবাহ কৰিতে ইচ্ছা নাহিকে তোমাৰ।
শুনিয়া মনত দুখ মিলিল অপাৰ॥ ২১৩৯।