পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৪
যুগনায়ক শঙ্কৰদেৱ

বুলি প্ৰচাৰ কাৰ্য্য প্ৰথমে আৰম্ভ কৰিলেও, তেতিয়াই তেওঁ আগৰ সকলো আচাৰ ত্যাগ কৰিছিল বুলি ধৰিব পাৰি। গতিকে তাত তীৰ্থ-দৰ্শনৰ নিয়ম-সংযম মানি চলাত অৱতাৰবাদী বা তাৰ বিৰোধী- বিলাকে বিভীষিকা দেখিবৰ বিশেষ হেতু নাই নিশ্চয়।

 কিন্তু এই গতানুগতিকতাৰ আঁৰে আঁৰে শঙ্কৰদেৱৰ ঐশ্বৰিক শক্তিৰ বিকাশ আৰু প্ৰচাৰ হোৱা কথা মন কৰিব লগীয়া। তীৰ্থ- যাত্ৰাৰ দিহা কৰিয়েই গুৰু-শিষ্য মহেন্দ্ৰ কন্দলীক ভূ দিলে :

“মহেন্দ্ৰ কন্দলী গুৰু পঠাইলন্ত মাতি।
শুনিল মাত্ৰকে গুৰু শীঘ্ৰে গৈল আতি॥ ১৮৪১।
কন্দলী বোলন্ত তুমি মোক লগে নিয়া।
পুৰুষৰ ভাগ্য হৌক মোক ভেটাই দিয়া।” ১৮৪৩।

অন্তৰ্চক্ষুযুক্ত এই কন্দলীজনেই শিক্ষা-গুৰু থকা কালৰে পৰা শঙ্কৰ- দেৱৰ ফুলি অহা পদুম যেন ঐশ্বৰিকত্বৰ বিকাশ লক্ষ্য কৰি আহিছে। লগতে তীৰ্থ লৈ গলেও জীৱন্ত তীৰ্থ-দেৱ স্বৰূপ শঙ্কৰদেৱৰ প্ৰতি তেওঁৰ দৃষ্টি কস্মিন কালেও আঁতৰি নগৈছিল :

“মহেন্দ্ৰ কন্দলী বোলে কিনো মোৰ শঙ্কৰ।
জগন্নাথ সমে দুইৰো তুল্য কলেৱৰ॥ ১৯০৭।
জগন্নাথ প্ৰভু পাশে যাঞ কিক লাগি।
নিচিনিলোঁ শঙ্কৰক আমি মন্দভাগী॥” ১৯০৮।

চাৰি কুৰি এদিন মূৰত যেতিয়া তেওঁলোক গঙ্গাৰ কাষ পালেগৈ, সেই প্ৰথম ৰাতিও স্বপ্নত গঙ্গাদেৱীয়ে শঙ্কৰদেৱক বিষ্ণু বুলি তুতি কৰা দেখা পালে :

“তযু দাসী কিঙ্কৰী জানাহা নাৰায়ণ।
পৱিত্ৰ কৰিবে লাগি আইলা এহি থান॥
তোমাৰেসে পদ পাই পূৰ্বে মুক্ত ভৈলোঁ।
জগত পৱিত্ৰকাৰী সিকাৰণে হৈলোঁ॥ ১৯১৫।