প্ৰতিভা আৰু তেওঁৰ বিচাৰ-বিচক্ষণতাই তেনে কৰিবলৈ নিদি সেই জীৱন-মুখী “ঠেক দুৱ." দেখুৱালে; আৰু সমাজৰ কল্যাণ আৰু জগতৰ মঙ্গলৰ বাবে তেওঁ খীন সুতিয়ে উজনি সোতত জীৱনৰ নাও বাবলৈ সাজু হল। ফুকলীয়াতে তেওঁৰ মাতৃ-পিতৃৰ আৰু প্ৰথম যৌৱনত পত্নীৰ হানি কৰি দৈৱিক শক্তিয়ে ইয়াৰ বাবেই তেওঁক সকীয়াই দিলে। ব্ৰহ্মচৰ্য্য জীৱনৰ পূৰ্ণ সাৰ্থকতা দেখুৱালে তেওঁৰ “চিহ্নযাত্ৰা” ভাৱনাই আৰু পণ্ডিতসকলক শৰণ দিবৰ বাবে ভাগৱতৰ সাৰ কাঢ়ি ৰাতিটোৰ ভিতৰতে ৰচনা কৰা “উদ্ধৱ সম্বাদ” পুথিয়ে। তাৰ পাছত তেওঁৰ দ্বাদশ-বৰ্ষব্যাপী তীৰ্থভ্ৰমণ, তেওঁৰ পত্নী-বিয়োগৰ শেষত বিষয়-বিৰক্তি পূৰ্ণ হোৱাৰ ফলত এতিয়া তীৰ্থভ্ৰমণৰ ক্ৰিয়া- প্ৰতিক্ৰিয়া লক্ষ্য কৰিব লগীয়া, কিয়নো তীৰ্থভ্ৰমণ আটায়ে কৰে যদিও এজন ভবিষ্যত যুগ-নায়কৰ তীৰ্থ-ভ্ৰমণ নিশ্চয় বৈশিষ্ট্যপূৰ্ণ।
মহামানৱসকলক কেৱল মূৰ্ত্তিমান অধ্যাত্ম শক্তি বুলি বিচাৰ কৰা ভুল; মানুহৰূপে পূৰ্ণব্ৰহ্মই প্ৰকৃততে জন্মগ্ৰহণ কৰিলেও মানৱী ব্যৱহাৰ তেওঁৰ যে লুপ্ত নহয় ৰামচন্দ্ৰ কৃষ্ণদেৱ প্ৰভৃতিতে তাৰ উদাহৰণ দেখিবলৈ পোৱা হয়। ভবিষ্যত যুগনায়ক মহামনীষী শঙ্কৰদেৱে যৌৱনৰ পৰাই “চিহ্নযাত্ৰা” আদিৰে মহাভবিষ্যতৰ ইঙ্গিত দিলেও, পত্নী-বিয়োগে তেওঁৰ মনত শেষ আঘাত দিহে যে তীৰ্থযাত্ৰা বা দেশভ্ৰমণৰ বাবে সকীয়াইছিল, তাক সহজে বুজিব পাৰি। ভূষণ দ্বিজে লিখিছে,
“ভৈলন্ত উদাস পাছে শঙ্কৰৰ মন।
তীৰ্থ কৰিবাক লাগি কৰিলা যতন॥” ১২৪
দ্বিতীয় কথা, সোতৰ বছৰত অধ্যয়ন সমাপন আৰু ওঠৰ বছৰত শিৰোমণি ভূঞা বিষয় গ্ৰহণ কৰি, উনৈশ বছৰত “চিহ্নষাত্ৰা” ভাৱনা পাতি সেই প্ৰসঙ্গতে ভাগৱতৰ “উদ্ধৱ সম্বাদ” ভাঙি মহেন্দ্ৰ কন্দলী প্ৰভৃতি বিপ্ৰসৱক শৰণ কৰালেও বা কুৰি বছৰত বৰদোৱাৰ নামঘৰ সাজি চতুৰ্ভুজ মূৰ্তি থাপি “দেৱী পূজা এড়ি সৱে লৈব কৃষ্ণ নাম”