অন্ধবিশ্বাস আৰু কুসংস্কাৰবোৰৰ সমষ্টিয়েই অথৰ্ব-সংহিতা। এই
সংহিতাবোৰৰ পাছৰ ব্ৰাহ্মণবোৰ “ক্ৰিয়া-কাণ্ড সম্পৰ্কে লৰালি নিৰ্বোধ
জল্পনাৰ শুকান মৰুভূমি”, আৰু “বৈদিক সংস্কৃতিৰ মৃত্যু-শয্যা!”
ঋক্-সংহিতা সৰু-বৰ ১০১৮ বা ১০১৭ টা গীতৰ সমষ্টি। ইয়াক জন-কাব্য বা ভাৰতীয় সাহিত্য সংস্কৃতিৰ পাতনিও বুলিব নোৱাৰি। অৱশ্যে জন-জীৱনাত্মক, বীৰত্বসূচক, গীতিমূলক গুণো এই গীতবোৰত নোহোৱা নহয়; কিন্তু এই সাঁচত ঢল নীৰস ৰচনাৰ দ’মৰ মাজৰ পৰা সেইবোৰ বাচি উলিওৱা কঠিন। স্বাভাৱিক হিয়া-ঢলা গীত ঋক্ বেদতে বিৰল; যি পৰিণতিত অথৰ্ব বেদৰ মন্ত্ৰ-কৰ্তাবিলাকে “নিঃসঙ্কোচ আৰু নিৰ্লজ্জভাৱে” আনৰ স্বাৰ্থৰ বিৰুদ্ধে নিজৰ নীচ স্বাৰ্থ- পূৰণৰ দাবী জনাইছে ঋক্ বেদতেই তাৰ পাতনি।”
“......যাতে মোক দক্ষিণা দিয়া বিলাকৰ মই আদৰৰ পাত্ৰ হব পাৰোঁ।”, অথৰ্ব বেদত এটা হীন স্তুতিৰ (৩৷৫৮) শেষত জোৰা আছে; গতিকে নিজ নীচ স্বাৰ্থৰ পৰা এখোজ লৰাই দেৱ-দেৱীৰ প্ৰিয় পাত্ৰ হোৱা আকাঙক্ষাৰো তাত সঁচ নাই। এইদৰে এডেও-দুডেওকৈ এওঁলোকে শেষত দেৱ-দেৱীৰ ভালৰি লগাবলৈকো এৰি তেওঁলোকৰ পৰা ভিক্ষা দাবী কৰিবলৈ ধৰিলে; ইয়াৰ পূৰ্ণ বিৱৰ্ত্তনৰূপে পূৰ্ব- মীমাংসা দৰ্শনত নামত দেৱ-দেৱীবোৰ ৰাখি কামত তেওঁলোকৰ আসনত ক্ৰিয়া-কাণ্ডকেহে বহুওৱা হল। (‘ভাৰতীয় লোকৰ ইতিহাস আৰু সংস্কৃতি’, ভাৰতীয় বিদ্যাভৱন, বৈদিক যুগ )।
সাম বেদ স্বৰূপতে সঙ্গীত শাস্ত্ৰ; তাত যি পাঠ আছে, সিও সঙ্গীতৰ অন্তৰ্ভুক্ত আৰু সম্যকৰূপে ঋক্ বেদৰ পৰা উদ্ধত। গতিকে সাম বেদৰ ঐতিহাসিক আৰু সাহিত্যিক মূল্য শূন্য বুলি ধৰা হয়। অথৰ্ব বেদৰ কুৰিটা কাণ্ডৰ শেষৰটো ঋক্ বেদৰ পৰা ধাৰ কৰা, আৰু ব্ৰাহ্মণে বেদৰ নামত সংহিতাবোৰৰ ব্যাখ্যা কৰিবলৈ গৈ কামত সেইবোৰৰ অৰ্থ অধিক জটিল আৰু গোপনহে কৰিলে। ঋক্ বেদৰ কালত অগ্নি, বায়ু, বৰুণ, মিত্ৰ, বিষ্ণু (সূৰ্য), ইন্দ্ৰ প্ৰভৃতি প্ৰকৃতিৰ