পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩০
যুগনায়ক শঙ্কৰদেৱ

“সৰ্বজয় বলোৰাম আৰু সৰ্বানন্দে।
দামোদৰ শ্ৰীৰাম দুয়ো চলিলা আনন্দে॥ ১৮৪৬।
বুঢ়ী আইক বোলে মোক দিয়োক বিদায়।
চলিবোঁহো মঞি জগন্নাথ ক্ষেত্ৰ লাই॥ ১৮৪৯।
শনিবাৰ বিনা প্ৰাতসতে ভুঞ্জিলন্ত।
বিদায় কৰিয়া দেৱ শঙ্কৰ গৈলন্ত॥ ১৮৫০।
ৰামৰাম গুৰু আগ পাছত শঙ্কৰ।
নৌকাত হৰিষে চলে আনো যত নৰ॥” ১৮৫৪।

এই বাৰ বছৰীয়া তীৰ্থ-ভ্ৰমণত গুৰুজনে যি যি ঠাই ফুৰিছিল ৰামচৰণৰ উদ্ধৃতিৰেই তাৰ সঙ্কেত দিয়া হওক :

(ক) নৱ দিন মন্দ তিনি মাস যেৱে যাই॥ ১৯১০।
 প্ৰথমতে গঙ্গা দেখি কেহো নুভুঞ্জিল॥ ১৯১২।
 এহিমতে তেৱে নৱ দিন আছা ৰহি॥ ১৯২৮।
(খ) গয়া নামে তীৰ্থে গৈয়া উপসন্ন ভৈল॥ ১৯২৯।
(গ) তিনি ৰাত্ৰি তৈতে ৰতি পাছে ক্ষেত্ৰে গৈলা। ১৯৩০।
 পুনু দশ দিনে গঙ্গা তীৰ্থক পাইলন্ত। ১৯৩০।
 গঙ্গা হস্তে একৈশ দিবসে ক্ষেত্ৰ পাইলা৷ ১৯৩১।

জগন্নাথ ক্ষেত্ৰৰ পৰা সৰ্বজয়, বলৰাম আৰু সৰ্বানন্দক লৈ গুৰুজন বৃন্দাবনলৈ যায় আৰু গুৰুজনৰ আদেশমতে অনিচ্ছাসত্ত্বেও মহেন্দ্ৰ কন্দলী, ৰামৰাম প্ৰভৃতি ঘৰলৈ উলটি আহে (২০১১-১৯ পদ)।

(ঘ) আত অনন্তৰে দেৱতা শঙ্কৰে
 সমস্তকে প্ৰবোধিলা।
 বিদায়ক কৰি  সৱাকো সাদৰি
 বৃন্দাবন লাগি গৈলা॥ ২০১৮।
(ঙ) শুনিয়োক যিটো মহা তীৰ্থক পাইলন্ত। ২০৩২।
 নামে সীতাকুণ্ড সিটো মহা মোক্ষ থান।
 অতি পুণ্যভাগী তীৰ্থ গঙ্গাৰ সমান॥ ২০৩২।