“জয়ন্ত মাধৱ দুই সূৰ্য্যবৰ ভাই।
শ্ৰীমন্ত শঙ্কৰে তাঙ্ক আনিল মতাই॥১৬৫৩।
পিতৃৰ কালৰ যত সম্পত্তি আছিল।
সৱে ৰাজ্য-ভাৰ মানে দুহান্তক দিল॥
শাস্ত্ৰ কৰিবাক মনে মন্ত্ৰ কৰিলন্ত।—
কিন্তু ককাকৰ ভায়েক দুজনৰ চকুত শঙ্কৰদেৱৰ এই বিষয়-বিমুখতাৰ প্ৰমাণ ধৰা নপৰি নাথাকিলঃ গতিকে—
পাছে দুই পিতামহে আলচ কৰন্ত॥১৬৫৪।
শঙ্কৰৰ আবে আসি ভৈল যুৱাকাল।
কৰাইবোঁহো বিহা কন্যা পাই কৈত ভাল॥১৬৫৫।
সিদ্ধাৰ্থক বিষয়-বিমুখ দেখি শুদ্ধোধনে মাউৰা পুত্ৰৰ বাবে যি কৰিছিল, এওঁলোকেও তাকেই কৰিলে। সতানন্দ ভূঞাৰ জীয়েক সূৰ্য্যাৱতীৰ লগত সোণকালে মহা-আড়ম্বৰেৰে শঙ্কৰক বিয়া পাতি দিলে (১৬৫৬-৮০ পদ)। কিন্তু সাত হাল হাতীয়ে ইফালে টানিলেও ভাগ্যই মহাপুৰুষৰ গুণৰ প্ৰকাশৰ বাবে যেনি টানিলে সেইফালেই গ’ল।—
“শুনা আত পৰে শঙ্কৰদেৱৰ
যেন মতে ঝিৱ ভৈল।
বৈশাগ মাসৰ নৱ দিন যান্তে
তাহান বীৰ্য্য ৰহিল॥
পুষ যে মাসৰ আঠ দিন গতে
মনু কন্যা উপজিল।
দেখি সমস্তয় হৰিষ বিস্তৰ
সমস্ত লোকে কৰিল॥ ১৭৪০।
“মনু কন্যা উৎপত্তিৰ নৱ মাস ভৈলা যেৱে
শুনা যেন অন্তৰ ভৈলা॥...
নৱ মাস আসি যেৱে নাপড়া পড়িল তেৱে
শঙ্কৰৰ ভাৰ্য্যা সূৰ্য্য়ৱতী॥১৭৫০।