বিদ্যাত পাৰ্গত শাস্ত্ৰ আছে যত
সমস্তকে আছা পঢ়ি।
সমস্ত লোকৰ হৰিষ বিস্তৰ
বৈকুণ্ঠ দিয়োক গঢ়ি॥ ১৪৫৩।
শঙ্কৰে বোলন্ত শুনিয়ো পেসাই
আছা আজো তিনিজন।
নৰোত্তম কৰ্ণ- পূৰ চতুৰ্ভুজ
তিনিও অতি গহন॥ ১৪৫৬।
তোমাসাৰ বাক্যে সত্যে সত্যে সত্যে
দেখাইবো বৈকুণ্ঠপুৰ।
চিহ্ন নামে যাত্ৰা কৰিবোঁ বেকত
হৰিষ পাইবা প্ৰচুৰ॥” ১৪৫৭।
যিবিলাকে তীৰ্থযাত্ৰা কৰি কৰবাত কেনেবাকৈ এইবোৰ ভাৱনা চাই আহিবলৈ নিদিয়াকৈ শঙ্কৰদেৱক চিহ্নযাত্ৰা পাতিবলৈ নিদিয়ে, তেওঁলোক স্বভাৱতে অঠাই সাগৰত কাঠি জাল পেলায়। সকলো সমসাময়িক মনীষীয়ে যাৰ শ্ৰেষ্ঠতা সহস্ৰবাৰ স্বীকাৰ কৰিবলৈ বাধ্য হৈছে, সেইজনৰ প্ৰতিভাক নিজ ক্ষুদ্ৰতাৰ জোখেৰে জুখিবলৈ যোৱা হাঁহিয়াতৰহে কথা। তদুপৰি যি কালত ইংলণ্ডৰ দৰে উন্নত দেশতো নাট আৰু নাটশালৰ সৃষ্টি হোৱা নাছিল, সেই কালত শঙ্কৰদেৱে তীৰ্থভ্ৰমণ কৰিয়ে বা ক’ত তেনে নাটভাৱনা দেখি আহিব পাৰে তাকো তেওঁলোকৰ বিচাৰে ঢুকি নোপোৱা পৰিতাপৰ কথা। যিহওক, পঢ়া-শুনা, যোগাভ্যাস বা শাৰীৰিক অন্যান্য উৎকৰ্ষ যিমানেই আগতে দেখুৱাওক লাগে, ধৰ্মজাগৃতিৰ ফালৰ পৰা শঙ্কৰদেৱৰ প্ৰতিভাৰ এয়ে প্ৰথম আধ্যাত্মিক উন্মেষ বুলি মানিব লাগিব।
কুৰি বছৰত শিৰোমণি ভূঞা শঙ্কৰদেৱ ভূঞাসকলৰ সৈতে আলি-পুখুৰীৰ পৰা তেম্বুৱানি বৰদোৱালৈ উঠি গৈ আটায়ে