ইন্দ্ৰ-স্তৱত (৮৷১০০৷৩) সংশয়বাদৰ অঙ্কুৰো পােৱা হয়। ধুমুহাৰ দেৱতা পৰ্জণ্যলৈ স্তুতি (৫৷৮৩) আদিত প্ৰকৃতিৰ প্ৰলয়ঙ্কৰী শক্তিত তেওঁলােকৰ নিঃসহায় অৱস্থাৰ মনােভাব আদি বঢ়িয়াকৈ বুজিব পাৰি। মুঠতে, প্রাকৃতিক শক্তিত দেৱত্ব-আৰোপৰ বাবে বৈদিক স্তৱবোৰ বিশ্বসাহিত্যত সদায় আপুৰুগীয়া বস্তু হৈ থাকিব, সন্দেহ নাই।
বেদ-সংহিতাৰ ব্যাখ্যা ব্রাহ্মণ। অথর্ব বেদত যিখিনি নীচ কথা কোৱা হৈছে, ব্রাহ্মণ সাহিত্যই তাৰো সীমা ছেৰাই একেবাৰে লাজৰ বাজ হৈ গৈছে, সেইবােৰৰ উদাহৰণ উদ্ধত নকৰাই ভাল। পৰার্থ- পৰতা আৰু তিৰুতাৰ প্রতি শ্রদ্ধাই যদি সত্যতাৰ অন্যতম প্রমাণ হয়, তেন্তে ঘাইকৈ ব্ৰাহ্মণ সাহিত্যবােৰ পঢ়ি তাৰ ৰচয়িতাবােৰৰ বংশধৰ- বিলাকেই নাক কোঁচাব আৰু নিষ্ঠুৰ মত নিদি নােৱাৰিব। ঋক্ বেদত ন-বােৱাৰীক শাহু-শহুৰ ননদ-দেৱৰ আটাইৰে নেত্রী বুলিছে ; ব্রাহ্মণ সাহিত্যত সেই তিৰুতাকে পাপৰ প্ৰতিমূৰ্ত্তি ভাবি কুকুৰ-কাউৰীৰ লগৰ বুলিছে। “বেদৰ কৰ্ম্ম-কাণ্ডত যদি কিবা মহৎ আৰু সুন্দৰ কথা আছে, তেন্তে ঋক্ বেদতেই তাৰ সীমা; আৰু যিমান নীচ আপচু কথা হব পাৰে, ব্রাহ্মণ সাহিত্যই তাৰ ভঁৰাল। ব্রাহ্মণ সাহিত্যৰ নীতি-জ্ঞান আদিম সমাজৰ বেজবােৰৰ নীতি-জ্ঞানতকৈ ওপৰ নহয়। মহাব্ৰত যজ্ঞৰ সম্পাদনত ধার্মিক দৰ্শকৰ চকুৰ আগতে অতি নীতি- বিগর্হিত অশ্লীল কাৰ্য কৰিবলৈ নির্দেশ দিয়া হৈছে।” (ভি.এম.আপ্তে)।
বৈদিক যুগৰ কোনাে পুথিৰ ৰচনাৰ সঠিক সময় নাই। ভাষামূলক বিচাৰত ঋক্ বেদেই আটাইতকৈ পুৰণি, পাছে ইয়াৰো ভাষা খৃ:পূ: ১০০০ বছৰৰ আগৰ নহয় : অথর্ব বেদৰ যাদু-মন্ত্ৰবােৰ তুলনাত আৰু বহুত পাছৰ। ঋক্ বেদ নানাবিধ গীতৰ সংহিতা (সমষ্টি); কিন্তু ই কোনাে ইতিহাস বা বীৰ-গাঁথা (কাব্য) নহয়। স্বতন্ত্র পাঠৰূপে সাম বেদৰ অস্তিত্বই নাই বুলিব পাৰি; কৃষ্ণ-যজুৰ্বেদৰ ব্ৰাহ্মণ অংশ এৰি যজুর্বেদ সংহিতাও কিছুমান যাদুমন্ত্রৰ সমষ্টিহে। ইতৰ সমাজৰ