নিচিন্তে চৰণ নাম নলৱে তোমাৰ।
সদায়ে প্ৰমত্ত লোক পাষণ্ড আচাৰ॥”
“দীপিকা-চন্দ্ৰ”তো পুৰুষোত্তম গজপতিয়ে তেনে নিন্দা কৰিছে-
“তাতে বৌদ্ধ পাষণ্ড হইবেক যত যত॥
এহিমতে বৌদ্ধ সৱে লোকক ভাণ্ডিব।
নহৈবেক গতি তাৰ নৰকে পৰিব॥” (৫৩৫ )
তান্ত্ৰিক বৌদ্ধ আদি ধৰ্মৰ অধঃপতনৰ লগত পৰ্বতীয়া জাতিৰ নৰ-বলি প্ৰভৃতি একাকাৰ হৈ সমাজক নৰকগামী কৰা এই অৱস্থাতে গীতাৰ “যদাযদাহিধৰ্মস্য গ্লানিৰ্ভবতি” বাণী সাৰ্থক কৰি শঙ্কৰদেৱৰ আবিৰ্ভাৱ সম্পূৰ্ণ স্বাভাৱিক। তদুপৰি যি শিৰোমণি ভূঞাৰ এজন উপৰি পুৰুষ চণ্ডীবৰৰ নাম দেৱীদাস হোৱাৰ অৰ্থ-
“ভক্তি কৰি দেৱীক কৰিল দাসী প্ৰায়।
দেৱীদাস নাম ভৈলা এহি কাৰ্য্য়ে যাই॥ ৰা, চ, ৫৫।
সেই অভেদ্য দেৱীপূজাৰ দুৰ্গৰ ভিতৰতে শঙ্কৰদেৱ জন্মি সেই দুৰ্গ ভেদ কৰিবৰ ইঙ্গিত বিশেষ মন কৰিবলগীয়া :
“চাৰি দণ্ড ৰাতি যেৱে গৈল সিদিনৰ।
তেৱেসে জানিবা জন্ম ভৈল শঙ্কৰৰ॥
ৰামখায়ে দিয়া আছে হাৱলত বাতি।
তেতিক্ষণে সমস্ত পৰিল হুয়া কাতি॥” (ৰা, চ, ৩৬৭)
⸻