কোৱা বাহুল্য, নগা আদি বিভিন্ন জাতিৰ মাজত নৰবলিৰ প্ৰথা প্ৰায় এতিয়ালৈকে চলি আছে। আইন-ই-আকবৰি আদি মুছলমানী গ্ৰন্থতো সেই কালৰ অসমৰ ধৰ্ম আৰু সমাজৰ এনে দুৰ্গতিৰ কথা বৰ্ণোৱা আছে। ই ধৰ্ম-প্ৰহসন নিশ্চয়।
ভূতৰ ওপৰতে দানৱৰ দৰে, শঙ্কৰাচাৰ্য্যই সেই কালত প্ৰচলিত বৌদ্ধ মত খণ্ডন কৰাৰ পাছত সি নানা গুপ্ত সম্প্ৰদায়ত বিভক্ত হৈ অসমতো বিয়পি পৰে আৰু ধৰ্মৰ নানা ব্যভিচাৰ ঘটায়। মাধৱদেৱে সেইবোৰক লক্ষ্য কৰিয়ে কৈছে,
“অল্প যোনি কিছু নকৰে বিচাৰ
জাত কুল ভৈল ভ্ৰষ্ট।
বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰয়
বেদ-পথ কৰি নষ্ট।”
অথচ সেই মাধৱদেৱেই দশাৱতাৰ বৰ্ণনাত বুদ্ধক প্ৰণাম জনাইছে :
“মৎস্য কূৰ্ম নৰসিংহ বামন পৰশুৰাম
হলিৰাম বৰাহ শ্ৰীৰাম।
বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ
তযু পাৱে কৰোঁহো প্ৰণাম।”
অকল মাধৱদেৱেই নহয়, তেওঁৰ পূৰ্বৱৰ্তী জয়দেৱেও প্ৰণমিছে :
“নিন্দসি যজ্ঞবিধেৰহহশ্ৰুতিজাতম্
সদয় হৃদয় দৰ্শিত পশুঘাটম্।
কেশৱ ধৃত বৃদ্ধ শৰীৰ জয় জগদীশ হৰে।”
শঙ্কৰদেৱেও জয়দেৱৰ দৰেই বুদ্ধদেৱক বিষ্ণুৰ অৱতাৰ বুলি স্বীকাৰ কৰিছে, কিন্তু একেলগে এই পৰবৰ্তী ধৰ্মভ্ৰষ্ট বৌদ্ধবিলাকৰ নিন্দা কৰিছে—
“বুদ্ধ অৱতাৰে বেদ-পদ কৰি ছন্ন।
বামানয় শাস্ত্ৰে মোহি আছা সৰ্বজন॥