“সাতো দুৱাৰৰ ভোট কছাৰী আনিলা।
আদেশ কৰিয়া সত্য শপত খুৱাইলা॥
ফুলগুৰি বিজনিৰ নৃপতি সহিতে।
প্ৰজাসকলক তৈক নিয়াইলা ত্বৰিতে॥ ৩৩৫।
শপত খুৱাই ৰাজা বুলিলা বচন।
শুনিয়ো সমস্তে মোৰ বাক্য নিবন্ধন॥
গোহাঁই কমল আলি মধ্যে সীমা কৰি।
উত্তৰৰ ফালে আছে যতেক কছাৰী॥ ৩৩৬।
সেহিফালে দেৱালয় আছে যত যত।
কোচে-মেচে পূজিবেক মোহোৰ বাক্যত॥
দক্ষিণৰ ফালে পূজা'ব্ৰাহ্মণে কৰিব।
এহি নিবন্ধনে সৱে ধৰ্ম প্ৰৱৰ্তিব॥” ৩৩৭।
কামাখ্যা মন্দিৰ আদিতে অনাৰ্য দেৱতাৰ মন্দিৰ থকাৰ দৰে পূবৰ কামাখ্যা” বুলি প্ৰখ্যাত সদিয়াৰ কেচাইখাতী তাম্ৰশ্বৰী মন্দিৰৰ নৰ- বলি সৌ সিদিনালৈকে প্ৰচলিত আছিল। “শাকে তুৰঙ্গগজবেদ শশাঙ্কসংখ্যে” বা “মুনি-নাগ-বেদ-শশভূৎ শাকে” অৰ্থাৎ ১৪৮৭ শকত ( ১৫৬৫ খৃঃ) মল্লদেৱ (নৰনাৰায়ণ) আৰু শুক্লজ (চিলাৰায়) মিলি কালাপাহাৰে ভাঙি যোৱা কামাখ্যা মন্দিৰ পুনৰ্নিমাণ আৰু প্ৰতিষ্ঠা কৰোৱ। প্ৰসঙ্গত “দৰং ৰাজবংশাৱলীয়ে লিখিছে:
“মহিষ ছাগল হংস মৎস্য পাৰাৱত।
হৰিণ কচ্ছপ বলি উপহাৰ যত।
পূজা কৰাইলন্ত চতুঃষষ্টি উপচাৰে।
সপ্ত দিন আছে দুই ভাই নিৰাহাৰে। ৫৪৭।
তিনি লক্ষ হোম দিলা এক লক্ষ বলি।
সাত কুড়ি পাইক দিলা কৰি তাম্ৰ ফলি।
সুবৰ্ণ ৰজত তাম্ৰ কাংস্য পাত্ৰ চয়।
অখণ্ড প্ৰদীপ উছৰ্গিলা মনোময়॥ ৫৪৮।