চৈধ
শঙ্কৰদেৱলৈ সমাজৰ সকীয়ন
শঙ্কৰদেৱ তথা, পৃথিৱীৰ সদৌ ধৰ্ম-প্ৰৱৰ্তকৰ, প্ৰতিভা-বিকাশৰ বাবে পৰা দুই শক্তিয়ে সকীয়াই দিয়ে প্ৰথম, ঐতিহাসিক বা সামাজিক বিশৃঙ্খলা; দ্বিতীয়, দৈৱিক বা নিজা বিপদ-আপদ। প্ৰাক্-বৌদ্ধ ভাৰত, প্ৰাক্-খৃষ্ট ইউৰপ, বা প্ৰাক্-মহম্মদ আৰবৰ দৰে প্ৰাকশঙ্কৰী অসম ধৰ্মৰ নামত নানা অধৰ্মৰ তাণ্ডৱ নৃত্যৰ লীলাভূমি হৈ পৰিছিল। দৈত্যাৰিৰ গুৰুচৰিতত ইয়াৰ যৎসামান্য ইঙ্গিত দিছে—
“ই দেশত পূৰ্বকালে নাছিল ভকতি।
নানা ধৰ্ম-কৰ্ম লোকে কৰিল সম্প্ৰতি॥ ৮।
নানা দেৱ পূজয়:কৰয় বলিদান।
হাঁস ছাগ পাৰ কাটে অসংখ্য প্ৰমাণ॥ ৯।
তল গৈল লোক কলি পাপ-সাগৰত।
কৃপাময় কৃষ্ণে জানি-শুনিয়া মনত॥১০।
সিতো লোক-সমস্তক কৰিবে উদ্ধাৰ।
শঙ্কৰ-মাধৱ ৰূপে ভৈল অৱতাৰ॥” ১১।
অসম-বুৰঞ্জী লেখক ছাৰ এডৱাৰ্ড গেইটেও শঙ্কৰদেৱৰ আবিৰ্ভাব এইদৰে বৰ্ণাইছে: ‘আদিমবাসীবোৰৰ অনাৰ্য দস্তুৰৰ লগত অধঃ- পতিত হিন্দু-ধৰ্মক ৰজিতা খুৱাই ধৰ্মৰ নামত যি ভয়ঙ্কৰ আৰু জঘন্য ভেকো-ভাৱনা চলিছিল, তাক অনিৰ্দিষ্ট কাললৈ চলি থাকিবলৈ দিয়া অসম্ভৱ বুলিয়ে শঙ্কৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰেৰে নৰনাৰায়ণৰ ৰাজ গৌৰৱ-মণ্ডিত হৈ পৰিছিল। (২য়-৫৬।৫৭ পিঠি)। আৰ্য্য়-অনাৰ্য্য ধৰ্মৰ খিচুৰিৰ বিষয়ে “দৰং-ৰাজবংশাৱলীয়েও প্ৰমাণ দিয়ে যে নৰনাৰায়ণে ৰাজ-আজ্ঞাৰে তাক বেলেগ কৰিবলগা হৈছিলঃ-