পৃষ্ঠা:Yugnayak Sankardeva.djvu/১২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫
প্ৰাক-শঙ্কৰী অসমত ধৰ্মৰ যুজ-বাগৰ

“ততো নিসেহিত্য তে সৰ্বে শাক্ৰাদ্যমুনিভিঃ সহ।
শৰণ্যম্ শৰণম্ যগ্মুনাৰায়ণমজম্ বিভুম।
তম্ সমাসাদ্য গোৱিন্দং বাসুদেৱং জগৎপতিম্।
প্ৰণম্য সৰ্বেত্ৰিদশ স্তষ্টভুঃ গৰুড়ধ্বজম্।
নমস্তে দেৱদেৱস জগৎকৰম কাৰক।
কলা স্বৰূপিন্ ভগৱান্ প্ৰধান পুৰুষোত্তমেকঃ॥” (১৩৷২৮)।

কালিকা পুৰাণত কালিদাসৰ “মেঘদূত”ৰ কোনো কোনো শাৰীৰ অনুকৰণ থকা দৰে গীতাৰ শাৰীৰ অনুকৰণো পোৱা হয়। বিশেষ মন কৰিবলগা কথা, কালিকা পুৰাণৰ অষ্টাশীতম্ অধ্যায়ত বিষ্ণু- যজ্ঞৰ বিৱৰণ আছে, আৰু তাৰ সামৰণিত (৮০৷৭০-৭১) তাৰ মূল উদ্ধৃত কৰা হৈছে। এনেকৈয়ে যোগিনী তন্ত্ৰতো “বৈষ্ণৱে তুলসী মালা” (২৷৪৫), “বিষ্ণুচক্ৰ যথাব্যৰ্থম্” (৩৷৩২) আদি উক্তিৰ উপৰি, বেল গছনো কেনেকৈ বিষ্ণু-বণিতা বা হৰিপ্ৰিয়া হল, পঞ্চম পটলত তাকো বৰ্ণাইছে।

 তেন্তে বুজিব লাগিব, নৰ-দেহত যেনেকৈ পূৰ্ব জন্মবোৰৰ সাপ- বাঘ আদিৰ তেজ মিহলি থাকে, তেনেকৈ উত্তৰ-ধৰ্মসংস্কাৰত পূৰ্ব- ধৰ্ম-সংস্কাৰৰ বীজ একেবাৰে বৰ্জিত নহয় আৰু হব নোৱাৰে। পুৰণিৰ পৰা ৰুচি বা তথ্য আৱশ্যক অনুযায়ী বাচি নিজ আদৰ্শ অনুসাৰে যি সজোৱা হয় তাকে নতুন বোলা হয়,গতিকে নতুন পুৰণি ভাব-গত আৰু মাত্ৰাগত কথা শঙ্কৰদেৱ-বিৰোধী পণ্ডিত বিলাকে মূৰ্ত্তি-পূজা সম্পৰ্কীয় কথাত গুৰুজনৰ প্ৰশ্নৰ যি উত্তৰ দিছিল, সি সম্পূৰ্ণ বৈষ্ণৱ মতৰ জ্ঞান; অথচ তেওঁলোকে তাৰ বিপক্ষ আচৰণ কৰিছিল। গতিকে ঘূৰি আমি তাকেই পাওঁ যি সাগৰ-মন্থনত দানৱবিলাকৰ ভাগ্য়ত গৰল মিলিছিল, তাতে দেৱতাৰ ভাগ্যত অমৃত লাভ হৈছিল।

⸻⸺