পৃষ্ঠা:Yugnayak Sankardeva.djvu/১২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩
প্ৰাক-শঙ্কৰী অসমত ধৰ্মৰ যুজ-বাগৰ

প্ৰপঞ্চ-ৰচনা সুচিৰং চকাৰ।” আৰু ভৌম বংশৰ সকলো শাসনৰ ভিতৰত এইখন ফলিৰ সমান সৰহীয়া দান কেতিয়াও দিয়া হোৱা নাছিল।

 লিপিমূলক প্ৰমাণ আৰু বুকানন্ হেমিল্টন আদি পণ্ডিতৰ বিচাৰৰ পৰা ধৰ্মপালতে কামৰূপী পালবংশৰ ওৰ পৰিছে বুলি বুজিব পাৰি। ৰামচৰণৰ গুৰু চৰিততো এই সম্পৰ্কৰ এটি অৰ্থপূৰ্ণ উল্লেখ আছে :

“ধৰ্মপাল ৰাজা আছিলেক কামেশ্বৰ।
তাহান্ত খাটয় যত ভূঞা নিৰন্তৰ॥
কামাখ্যা দেৱীয়ে যেৱে তাঙ্ক শাপ দিলা।
আপোনাৰ ৰাজ্য এৰি বিদেশক গৈলা॥”

নৰক বংশত চিৰকাল আচৰণ কৰি অহা শৈৱ ধৰ্মৰ প্ৰতি ভাস্কৰ বৰ্মাৰ নিচিনা ৰজাৰ কেনে দৃঢ় নিষ্ঠা আছিল, বাণভট্টৰ হৰ্ষচৰিতত লিখা মতে, তেওঁৰ দূত হংসবেগ গৈ উত্তৰ ভাৰতৰ ৰজা হৰ্ষবৰ্ধনক কোৱাৰ পৰাই বুজিব পাৰি : “অয়মস্য চ শৈশৱাদাৰভ্য সঙ্কল্পঃ স্থেয়ান্ স্থানুপাদাৰবিন্দদ্বয়াদৃতে নাহমন্যং নমস্কুৰ্যামিতি ঈদৃশশ্চায়ং মনোৰ- থস্ত্ৰিভুৱনদুৰ্লভ স্ত্ৰয়াণামন্যতমেন সম্পদ্যতে সকল ভুবন বিজয়েন বা মৃত্যুনা যদিবা প্ৰচণ্ডপ্ৰতাপজ্বলন দিগদাহেন জগত্যেকবীৰেন দেৱোপমেন মিত্ৰেন।” এনে শৈৱ-ধৰ্ম নিষ্ঠাৰ বিৰুদ্ধে ধৰ্মপালেই জয়ে জয়ে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰা কথা স্বভাৱতে আচৰিত; ধৰ্মপালৰ পতনৰ হেতু যিয়েই হওক, জনসাধাৰণৰ উপৰুৱা মতত শিৱৰ পত্নী কামাখ্যাই শাপ দিছিল, তাকে চৰিত-লেখকে লিপিবদ্ধ কৰিছে।

 শঙ্কৰদেৱৰ জন্ম-প্ৰসঙ্গ শিৱৰ লগত সম্পৰ্কিত ৰূপে এটা কিম্বদন্তি আছে। কথা-গুৰুচৰিত মতেও অনন্ত কন্দলী আদিতে শিৱ-উপাসক ঘৈণীয়েকৰ নিৰ্দেশমতেহে তেওঁ সেই বিশ্বাস ত্যাগ কৰি গুৰুজনৰ শৰণ লয়।

 নৰকবংশী ৰজাবিলাকৰ শাসনৰ উপৰিও বৈদ্যদেৱৰ (১১৪১-৫০ খৃঃ) শাসন, আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সধয়াপুৰীৰ ৰজা লক্ষ্মী-