পূৰ্ম্মহিমা মহাবৰাহঃ” এনে বিশেষভাৱে বিষ্ণু বন্দনাকে প্ৰাধান্য দিছে; “পশুপতি” শব্দই সাধাৰণ অৰ্থত শিৱক বুজালেও, ইয়াত শ্লেষাৰ্থত যজ্ঞমূৰ্ত্তি বৰাহক বুজোৱা বুলি মহামহোপাধ্যায় পদ্মনাথ ভট্টাচাৰ্য্যই কয়। কিন্তু পূৰ্বপুৰুষৰ চিৰকলীয়া নিয়মৰ প্ৰশস্তিত শিৱৰ একস্বত্ব চাই বিষ্ণুকে প্ৰশস্তিত তেওঁৰ সমানে ঠাই দিয়েই এওঁ ক্ষান্ত হোৱা নাই; “পাতাল পঙ্কপটলোদৰসন্নিলীনাংক্ৰীড়াকৃতিবসু- মতিং হৰিকজ্জহাৰ” “দ্ৰংষ্ট্ৰ স্কুৰোদ্ধৃতধৰাপৰিৰম্ভ গৰ্ভসম্ভোগসম্ভৃত ৰসালসমানসস্য” আদি নানা চলেৰে বিষ্ণুক আকৌ বৰ্ণনা কৰিছে।
একাদশ শতিকাৰ মাজভাগৰ ৰজা এই ইন্দ্ৰপালৰে দ্বিতীয়খন ফলি আৰু ৰহস্যজনক; ইয়াতো প্ৰশস্তিত শিৱৰ সমানে অথচ অধিক বিশেষভাৱে বিষ্ণুৰ বন্দনা আছে। কিন্তু “বসুদেৱ ইতি শ্ৰীমান বসুদেৱ দেৱাত্মজঃ। তস্য জশে (?) সুহৃন্নন্দ সুপ্ৰীত পুৰুষোত্তমঃ॥” (শ্লোক ২২-২৪) আদি লিখিত বৰ্ণনাৰ উপৰিও, এটি বৈশিষ্ট্যপূৰ্ণ অলিখিত কাহিনী আছে। লিখা কথাৰে ফলি সম্পূৰ্ণ নোহোৱাত সেই মুকলি ঠাইত শঙ্খ, চক্ৰ, গৰুড়, পদ্মৰ চিত্ৰ আঁকি তাৰ বাঁওহাতে তাৰ লেখয়িতাৰ নাম দিছে “সনি” (শনিৰাম?), “চনি” (ধনীৰাম?) আৰু “অনি” ( অনিৰুদ্ধ?)
দ্বাদশ শতিকাৰ আগভাগৰ ৰজা ধৰ্মপালৰ তিনিওখন তামৰ ফলি বিশেষ তাৎপৰ্যপূৰ্ণ। ইয়াৰ প্ৰথম দুখনত আগৰ অলপগতানুগতিকতা ৰক্ষা কৰি পোনতে “বন্দেতমৰ্দ্ধযুৱতীশ্বৰমাদিদেৱ” বুলি শিৱৰ আৰু “দেৱস্য শূকৰ” বুলি বিষ্ণুৰ প্ৰশস্তি দিছে; কিন্তু তৃতীয়খনত ভৌম- বংশৰ অন্ততঃ চৈধ্য পুৰুষীয়া ৰজাসকলৰ চিৰাচৰিত প্ৰাধান্যপূৰ্ণ শিল্প বন্দনা বা উল্লেখ একেবাৰে উঠাই দি পোনপটীয়াকৈ বিষ্ণুৰ বন্দনা জুৰি দিছে : “স্বস্তি শ্ৰীমান স ক্ৰোড়ৰূপো জয়তি”, “সূনুৰ্বৰাহবপুষো গৰুড়ধ্বজস্য” বুলি বংশ-পৰিচয় দিছে। তদুপৰি এই শাসনত ভূমি- দান পোৱা পণ্ডিতৰ বিষয়ে লিখিছে—“সকলবিপ্ৰবহুল প্ৰদীপঃশ্ৰীমান বভূব মধুসূদন নামধেয়ঃ। যো বাল্যতঃ প্ৰভৃতি মাধৱ পাদপদ্ম পূজা-