সৰকোৱাহে;
দৰিদ্ৰৰ প্ৰতি বা সদৌ মানৱৰ বাবে সাৰ্বজনীন
সহানুভূতি সেই স্তৰবোৰত পৰ্বতত কাচ-কণীৰ দৰে আপুৰুগীয়া বস্তু,
সন্দেহ নাই।
সাহিত্যবোৰৰ অতি সৰহখিনি গীততে নানা দৈৱ-দেৱীৰ গুণ- গান আৰু লগতে তেওঁলোকৰ কাষত সকাতৰ ভিক্ষা-প্ৰাৰ্থনা উভয়েই বৰ্তমান; এনে সকলেবোৰ গীতৰ ভিতৰত গীতি-কবিতাৰ মাধুৰ্য্য আৰু প্ৰকৃতিৰ সৌন্দৰ্য্য-উপলব্ধিৰ গুণেৰে গুণী উষা-স্তুতিটি সৱাতো-সুন্দৰ আৰু সম্ভৱ সৱাতো-পুৰণি (১৷৪৮)। অৱশ্যে এই বিতোপন স্তৱটিও ভিক্ষা-প্ৰাৰ্থনাৰ পৰা মুক্ত নহয়; কিন্তু সেয়ে জানিবা ইবোৰৰ দৰে খকুৱা নহয়, শিশুসুলভ সৰলতাৰ পৰা খোজা যেন লাগে। তথাপি ইয়াতে তোষামোদৰ বাবেহে এইবোৰ গুণ- গান ক্ৰিয়া-কাণ্ড যে সন্দেহ নাই; বিশ্ব-শান্তি বা বিশ্ব-ন্যায়ৰ জাগৃতিৰ ইয়াত কোনো উম-ঘাম নাই।
স্বয়ং ঋক-সংহিতাত মন্ত্ৰ-কৰ্তাৰ মানসিক সঙ্কীৰ্ণতা আৰু নীচ অৰ্থ-লোভৰ উলঙ্গ মন্ত্ৰবোৰ পোৱা হয়। ঋকৰ ৯ম মণ্ডলৰ ১১২ সূক্তৰ অন-ধৰ্মমূলক ঋষি শিশু-আঙ্গিৰসে কৈছে: ‘মই কবি, বোপাই বেজ, আই ধান-বানতী। আমাৰ জীৱিকাৰ বাটহে বেলেগ, লক্ষ্য একেটাই—ধন-অৰ্জন।’ মুঠতে ঋক্ বেদৰ প্ৰায়বোৰ গীতেই ৰচক পুৰোহিতৰ অভাৱ-অনাটনৰ কেঁকনি-গোঁথনি, আৰু বিপদ-আপদৰ পৰা উদ্ধাৰৰ বাবে চিঞৰ-বাখৰ: তাৰ ওপৰলৈ সেইবোৰ উঠিব পৰা নাই। আন নালাগে, ঋক্ বেদৰ ঘাই দেৱতা ইন্দ্ৰৰ আধ্যাত্মিক গুণ বুলিবলৈ কোনো এটাও বিচাৰিলে নোয়ায়।
ঋক্-সাহিত্য প্ৰধানভাৱে নীতি-কাব্যমূলক হলেও তাত পূৰ্বৰাগ- অনুৰাগৰ গীত নাই; অথৰ্ব সংহিতাত যি কাম-মন্ত্ৰবোৰ আছে সেইবোৰ প্ৰেম-কবিতাৰ শাৰীলৈ নুঠে। অথৰ্ব বেদত থকা ভেক-স্তৱ (৭৷১০৩) আদি অন-ধৰ্মমূলক বিদ্ৰোপাত্মক কবিতাৰ উপৰি বৈদিক সাহিত্যত ৰণোদ্যম-সূচক গীত (৬৷৭৫) আদিও পোৱা হয়; তদুপৰি ঋক্ৰ