পৃষ্ঠা:Yugnayak Sankardeva.djvu/১১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১
প্ৰাক-শঙ্কৰী অসমত ধৰ্মৰ যজু-বাগৰ

গতিকে স্বৰূপতে এই তামৰ ফলিৰ কথা পঞ্চম-ষষ্ঠ শতাব্দী মানৰ বুলিব পাৰি। "ওঁ প্ৰণম্য দেৱং শশিশেখৰ প্ৰিয়ং পিনাকিনং ভস্মকণৈ- বিভূষিতং” বুলি শিৱ-বন্দনাৰে ইয়াৰ প্ৰশন্তি পোনতে আৰম্ভ কৰি, "জয়তি জগদেক বন্ধুলোক-দ্বিতীয়স্য সম্পদো হেতু পৰহিত মূৰ্ত্তিৰদৃষ্টঃ কলানুমেয়স্থিতি ধৰ্মঃ” বুলি বৌদ্ধ ত্ৰিৰত্নৰ “ধম্ম”ক দ্বিতীয়তে শ্ৰদ্ধা নাই, তৃতীয়ত “ধাত্ৰো মুছিক্ষিপ্সোৰম্বুনিধেকপটকোলৰূপস্য় চক্ৰভৃত সুনুঃ” বুলি বৰাহৰূপী চক্ৰপাণিৰ উল্লেখ কৰি নৰকাসুৰৰ পৰা নিজ উৎপত্তিৰ পৰিচয় দিছে। উল্লেখযোগ্য, এই ভূতিবৰ্মাকে “পৰম ভাগৱত” বোলা হৈছে আন ঠাইত।

 নৱম শতিকাৰ আগভাগৰ "পৰম মাহেশ্বৰ" হৰ্জৰ বৰ্মাৰ প্ৰশস্তি বিনষ্ট হলেও “কমলনিবাসিনী” লক্ষ্মীৰ নিচিনা ৰাণীৰ পুত্ৰ যুৱৰাজ বনমালে “মহাপ্ৰতিহাৰ জনাৰ্দ্দন মহামাত্য শ্ৰীগোৱিন্দ মধুসূদন”ৰ যোগে এই ফলিদান কৰা কথা অৰ্থপূৰ্ণ। নৱম শতিকাৰ মাজভাগৰ বনমাল ৰজাৰ তামৰ ফলিত যেনেকৈ “শ্ৰীমৎকৈলাস”ৰ “পিনাকো”ৰ প্ৰশস্তি আছে, তেনেকৈ “নৰক ইতি সুনুৰাসীদাদি বৰাহস্য”ৰ উল্লেখ; দশম শতিকাৰ আগভাগৰ ৰজা বলবৰ্মাৰ তামৰ ফলিতো “ভৱতি- মিৰভিদূৰন্তজো ৰৌদ্ৰং” প্ৰশস্তিৰ দৰেই “প্ৰলয় পয়েধৌ মগ্নামুদ্ধৰতো বসুমতীম...অসুৰসুহৃৎ কোড়ৰূপধৃতঃ" উল্লেখ; একাদশ শতিকাৰ আগভাগৰ ৰজা ৰত্নপালৰ দুইখন ফলিতে প্ৰায় একেলগে শঙ্কৰৰ প্ৰশস্তিৰ লগতে “ধৰাং হৰেৰুদ্ধৰতঃ কিৰাকৃতে পয়োধিমগ্না” উল্লেখ ৰহস্যপূৰ্ণ।

 দক্ষিণায়ণ সংক্ৰান্তি বা মাঘ বিহুৰ মেজিৰ পৰাই অগ্নিৰ তেজ বাঢ়ি অহাৰ দৰে একাদশ শতিকাৰ পৰা বিষ্ণু-উপাসনাৰ তেজ বঢ়াৰ প্ৰমাণো এই ফলিবোৰত পোৱা হয়। একাদশ শতিকাৰ মাজছোৱাৰ ৰজা ইন্দ্ৰপালৰ প্ৰথম ফলিৰ পৰাই “মে জলবহা গঙ্গেতি গৌৰীগিৰা শম্ভোদ্যুতকলাজিতস্য জয়তি ব্ৰীড়াবিনম্ৰ শিৰা” বুলি শিৱৰ মাথোন যৎকিঞ্চিৎ বন্দনা কৰিয়েই “জয়তি পশুপতিঃ প্ৰজাধিনাথো মহিতৰ