পৃষ্ঠা:Yugnayak Sankardeva.djvu/১১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
যুগনায়ক শঙ্কৰদেৱ

নাহিল। এই কথা আমি মনত ৰাখিব লাগিব দেখোঁতা বা পঢ়োঁতা আমাৰ চকু বা মুখ নহয়; আমাৰ মন আৰু বুদ্ধিহেঃ গতিকে পঢ়োঁতাৰ মন আৰু বুদ্ধি ভেদে শাস্ত্ৰৰ অৰ্থৰ লৰ হয়।

 আন এটা কথালৈ আমি চকু ৰাখিব লাগিব, শঙ্কৰদেৱৰ প্ৰায় সহস্ৰ বছৰৰ আগতে ভাৰতত নৱ-বৈষ্ণৱ ধৰ্মৰ মত প্ৰচাৰিত হৈছিল, আৰু তাৰ একোটি জিলিঙনি সময়ে সময়ে আহি অসমত ভূমুকি মাৰিছিল; তাৰ ঘাই প্ৰমাণ ভৌমৰজাবিলাকৰ তামৰ ফলিবোৰ আৰু স্বয়ং কালিকা পুৰাণ আৰু যোগিনীতন্ত্ৰ নামৰ ভাৰত-প্ৰসিদ্ধ শাক্ত শাস্ত্ৰ দুখন। শৈৱ ভৌম ৰজাসকলৰ প্ৰশস্তিবোৰত বা শাক্ত শাস্ত্ৰ- বোৰত সেইবোৰ ধৰ্মৰ বিৰোধী নৱ-বৈষ্ণৱ মত কেনেকৈ থাকিব পাৰে, ই দেখাত আচৰিত যেন লাগিলেও প্ৰকৃততে তেনে নহয়। পুৰণি আদৰ্শ, ধৰ্ম, নীতি আদিৰ সলনি হয় সচা, কিন্তু "ৰাতিটোৰ ভিতৰত হাতীটো” নহয়; এই সলনি বৰ লাহে লাহে হয়। পুৰণিটো তিল পৰিমাণে টুটে সচা, পাছে নতুনটো বেল পৰিমাণে নাবাঢ়ে। জাতিৰ বা সমাজৰ আগৰ পুৰুষ শেষ হৈ পিছৰ পুৰুষ কেতিয়া হয় তাৰ সময়- ৰেখা নিৰ্দিষ্ট কৰা যেনে কঠিন, জোনৰ পোহৰ মলঙি গৈ বেলিৰ পোহৰত কোন মুহূৰ্ত্তত মিহলি হয় তাক কোৱা যেনে টান,তেনেদৰে পুৰণি লোপ পাই কেতিয়া নতুনৰ জন্ম হয় তাক সঠিক কব নোৱাৰি। তদুপৰি বেলিৰ পোহৰত জোনৰ পোহৰ মিলি থকাৰ দৰে নতুনৰ পৰা পুৰণি একেবাৰে এৰা নপৰে নিশ্চয়, যদিও আমি নতুন আৰু পুৰণি দুটা কথা সুমেৰু কুমেৰু বুলি ভাবিব পাৰোঁ ভুলক্ৰমে।

 সপ্তম শতিকাৰ আগছোৱাত সম্ৰাট ভাস্কৰবৰ্মাই বৰ্তমান পশ্চিম বঙ্গত দিয়া তামৰ ফলিখন তেওঁৰ বৃদ্ধ প্ৰপিতামহ ভূতিবৰ্মাই দিয়া তামৰ ফলিৰ নতুন সংস্কৰণ বুলি তাতে লিখা আছে: “ৰাজ্ঞা শ্ৰীভূতি বৰ্মণা কৃতং যৎ তত্তাম্ৰপটাভাৱাৎ কৰদমিতি মহাৰাজেন জ্যেষ্ঠভদ্ৰান্‌ বিজ্ঞাপ্য পুনৰস্যাভিনৱ পট্টকৰণায় শাসনং দত্বা•••শাসনদাহাদবাগ- মিনৱলিখিতানি ভিন্নৰূপ তেভ্যোক্ষৰাণি যম্ম্যতস্মান্নৈতানি কূটানি।”