বাবেই আমাৰ মাজত জনম লৈ আমাতকৈও সহস্ৰ গুণে অধিক দুখ-
কষ্ট ভুগি আমাক দেখুৱাই গৈছে, তেওঁলোক যেনে পৰিপূৰ্ণ আৰু
পৱিত্ৰ, আমিও আটায়ে যত্ন কৰিলেই তেনে পৱিত্ৰ আৰু পৰিপূৰ্ণ হব
পাৰোঁ। গতিকে তেওঁলোক যে ঐশ্বৰিক এই সভ্যতকৈও তেওঁলোক
যে মানৱীও এই মহান সত্য সদায় মনত ৰাখি কায়মনোবাক্যে
তেওঁলোকৰ দৰে ঐশ্বৰিক হবৰ যত্ন কৰিব লাগে।
ধৰ্ম-প্ৰৱৰ্তকসকল ঐশ্বৰিক গুণৰ বলেৰে যিমানেই মহৎ বা উচ্চ হওক, পৃথিবী এৰি যে পাৱ দিৱৰ ঠাই নাই আৰু তেওঁলোকে যে নিজ সময়ৰ নিজ সমাজত খোপনি পুতিহে ঠিয় হয়, এই কথাও আমি মনত ৰাখিব লাগিব। গতিকে শঙ্কৰদেৱৰ ধৰ্মমতৰ বিচাৰ কৰোঁতে তেওঁ অপাৰ্থিৱ কিবা এটাক ভেটি কৰি ঠিয় হৈছিল, তেনে পূৰ্বধাৰণা মনত ঠাই দিব নালাগিব। সামাজিক আৰু পাৰিবাৰিক যি পৰিবেষ্টনত তেওঁ জনম লৈছিল তাৰ আভাস দিয়া হৈছে; আৰু সেই পৰিবেষ্টন অনুসাৰেই তেওঁ বাৰ বছৰ তীৰ্থভ্ৰমণ কৰিলে যে বাহিৰে দেখাত তাত নোহোৱা-নোপজা একো নাই। কিন্তু এই বাহ্যিক ব্যৱহাৰৰ আঁৰে আঁৰে শঙ্কৰদেৱৰ স্ব-মত লাহে লাহে গঢ় লৈ উঠা লক্ষ্য কৰিব পাৰি; আৰু তাৰ গুৰিত শঙ্কৰদেৱৰ অধ্যয়ন আৰু পৰ্য্যবেক্ষণৰ বিচক্ষণ বিচাৰৰ বৈশিষ্ট্যই প্ৰধান।
যি সাগৰ-মন্থনত দানৱৰ ভাগত গৰল পৰিল, সেই একে সাগৰ- মন্থনতে দেৱতাৰ ভাগত অমৃত-ভাণ্ড পৰিছিল। শঙ্কৰদেৱে মহেন্দ্ৰ কন্দলীৰ টোলত কেনেদৰে কি কি শাস্ত্ৰ পঢ়িছিল আমি তাৰ সঠিক ভূ নাপাওঁ; কিন্তু সেই অধ্যয়নৰ প্ৰথম প্ৰমাণ স্বৰূপে তেওঁ “চিহ্ন- যাত্ৰা"ৰ গীত-নাট ৰচি যি ভাৱনা দেখুৱালে তাত আন সৱাৰো আগতে মহেন্দ্ৰ কন্দলীয়েই মোহিত হৈ সেই বিচক্ষণ শিষ্যক নিজ নতুন ধৰ্মগুৰু ৰূপে মানিছিল পোন-প্ৰথমে। ইয়াৰ পৰা বুজিব পাৰি মহেন্দ্ৰ কন্দলীৰ টোলত অধ্যাপনা শেষ কৰিয়ে শঙ্কৰদেৱে নিজ দিব্য- জ্ঞান বা বিচক্ষণতাৰে যি দেখিছিল, তেওঁৰ শিক্ষা-গুৰুৱে তাক দেখা