তেৰ
প্ৰাক্-শঙ্কৰী অসমত ধৰ্মৰ যুজ-বাগৰ
শঙ্কৰদেৱ ঈশ্বৰ-অৱতাৰ বুলি ভবা আৰু নভবা-বিলাকৰ মাজত ভাবগত প্ৰভেদ থাকিলেও বস্তুগত প্ৰভেদ নাই; কিয়নো এই পিছৰ বিলাকেও শঙ্কৰদেৱৰ অভূতপূৰ্ব কাৰ্য্যকুশলতা অস্বীকাৰ নকৰে আৰু কৰিব নোৱাৰে। তেতিয়া হলে মহাত্মা গান্ধীয়ে তেওঁৰ গীতা-ভাষ্যত দিয়া অৱতাৰবাদৰ অৰ্থ গ্ৰহণ কৰিলেই কোনো খৰিয়াল নাথাকে; স্বৰূপতে জীৱ-মাত্ৰই ঈশ্বৰৰ অংশৰূপে অৱতাৰ বুলি ধৰিব পাৰিলেও একোটা যুগত যিজনত শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক এই চতুঃশক্তিৰ শ্ৰেষ্ঠতম বিকাশ দেখিবলৈ পোৱা হয় তেওঁকে সৰ্ব- সাধাৰণতে অৱতাৰ বুলি অভিহিত কৰা হয়। এই অৱতাৰবাদকে খৃষ্ট-ধৰ্মত ঈশ্বৰৰ পুত্ৰ আৰু মহম্মদীয় ধৰ্মত ঈশ্বৰৰ প্ৰেৰিত পুৰুষ (ৰছুল) বোলা হৈছে; আৰু মহম্মদে তেওঁৰ পূৰ্বৰ সকলো ধৰ্ম- প্ৰৱৰ্ত্তকক এইৰূপে নিজেও মানিছিল আৰু মানিবলৈ তেওঁৰ মতাৱলম্বীবিলাককো আদেশ দিছিল।
শঙ্কৰদেৱৰ দৰে যে সেই যুগত আমাৰ দেশত এই চতুৰ্শক্তিৰ উচ্চতম বিকাশ দেখুওৱা লোক নাছিল, সি অবিসম্বাদী সত্য। অৱতাৰ- বাদীবিলাকেও এই কথা পাহৰিলে নচলিব যে তথাকথিত অৱতাৰ সকল মানুহৰূপেহে অৱতীৰ্ণ হৈ মানুহৰ মাজত চলন-ফুৰণ কৰি মানুহৰ আদৰ্শ দাঙি ধৰে; কৃষ্ণদেৱ, বুদ্ধদেৱ বা শঙ্কৰদেৱ চতুৰ্ভুজ কেতিয়াবা হৈছিল যদিও সি ভক্তৰ চকুতহে। যীশুখৃষ্ট প্ৰভৃতি চৰিত্ৰই ইয়াকেহে হাতে-মুখে ঘোষণা কৰে: “এতেকে তোমালোক তোমালোকৰ বৈকুণ্ঠত থকা পৰম-পিতাৰ দৰে পৰিপূৰ্ণ হোৱাঁ।” (মেথু, ৫৪৮)। অৱতাৰ বা ঈশ্বৰৰ পুত্ৰ বা প্ৰেৰিতসকলে আমাৰ