পৃষ্ঠা:Yugnayak Sankardeva.djvu/১১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৭
ৰামানন্দ কবীৰ প্ৰভৃতি প্ৰচাৰকসকল

সকলো প্ৰকৃত ভক্তৰ দৰে কবীৰৰো লক্ষ্য নহয়; “সাথী এফাকি কবিতাত আছে—

'অ' ৰাম, মই যে তোমাৰ দুৱাৰত আহি ঠিয়!'
‘অ’ কবীৰ, তুমি মোত মিলিত নোহোৱা কিয়?'
‘অ' ৰাম, তুমি ই সৃষ্টিৰ সৱাতো মিলিত সচা;
মোৰ হলে নাই তোমাতেই লীন হবৰ সম্পূৰ্ণ ইচ্ছা।'

আকৌ মাধৱদেৱৰ অমৃতোপম ভাষাৰে—

“মুক্তিত নিস্পৃহ যিটো  সেহি ভকতক নমো,  ৰসময়ী মাগোঁহো ভকতি। সমস্ত মস্তক-মণি  নিজ ভকতৰ বশ্য,  ভজোঁ হেন দেৱ যদুপতি॥” ১।

 কবীৰৰ হিন্দু-মুছলমানক এক কৰাৰ চেষ্টা মহৎ হলেও বিফল, আৰু তেওঁ তাৰ বাবে অশেষ নিৰ্য্যাতন ভুগিব লগা হল। কবীৰ পন্থীবিলাকৰ গৃহী আৰু যতি বুলি দুটা ভাগ; গৃহীবিলাকে নিজ আচাৰ-ব্যৱহাৰ মানি চলে আৰু যতিবিলাকে কবীৰৰ ভজনা কৰে। এওঁলোকৰ বাৰটা বেলেগ ঠাল আছে বোলে আৰু প্ৰতিটি ঠালৰে একোজন সুকীয়া প্ৰৱৰ্ত্তক। গোৰখপুৰ জিলাৰ মঘৰত কবীৰৰ মৃত্যু হয়।