সৈতে মহন্তসকলৰ বাহা থাকে; ইয়াৰ উপৰি তীৰ্থযাত্ৰী আৰু উদাসীনসকলৰ জিৰনিৰ বাবে একোটি ধৰ্মশালা আছে, তালৈ সোমোৱাত কাৰো বাধা নাই। একোখন প্ৰদেশত ভিন্ ভিন্ সম্প্ৰদায়ৰ নিজ নিজ মঠ আছে; মঠৰ গৰাকীবিলাকে তেওঁলোকৰ ভিতৰৰ এজনক মুখিয়াল বুলি মানে। যিটো মঠ সেই সম্প্ৰদায়ৰ মুখিয়ালজনৰ নামে থাকে, গোটেই প্ৰদেশৰ বিভিন্ন মঠৰ গৰাকী- বিলাকে সেই মঠৰে নিৰ্দেশ মানি চলে। এই মহন্ত উপযুক্ত নহলে আন কোনো প্ৰসিদ্ধ মঠৰ অধিকাৰেই সেই সম্প্ৰদায় বা সমাজ নেতা বুলি পূজিত হয়। সকলোবোৰ মঠৰ ভৰণ-পোষণৰ বাবে সৰহ- তাকৰ দেৱোত্তৰ থাকেই। ৰামাৎ পন্থী উদাসীনসকলৰ কোনো জাত- বিচাৰ নাই। ৰামানন্দই শূন্য কৰি যোৱা ধৰ্মৰ গাদী ৰঘুনাথে পায় আৰু তেওঁ আশানন্দ নাম লয়। ৰামানন্দৰ নিজা কোনো পুথি পাবলৈ নাই; তেওঁৰ মতসমূহ শিষ্যবিলাকে লিখি ৰাখি এতিয়া তেনে- দৰেই চলে। ৰামানন্দৰ লেখৰ ৭২ জন শিষ্যৰ ৫৬ জনেই অন্ত্যজ, আৰু তাৰ ভিতৰত কবীৰ প্ৰসিদ্ধ। হিন্দী ৰামায়ণ লেখক তুলসী- দাসো ৰামানন্দৰ শিষ্য বুলি কয়।
ৰহস্যবাদী কবীৰৰ জীৱনীও নানা ৰহস্যৰে ঢকা। কবীৰপন্থী- বিলাকৰ মতে আজমগড় অঞ্চলৰ বেলহৰ গাঁৱত ১৩৯৮ত কবীৰ ওপৰে আৰু ছয় কুৰি বছৰ জীয়াই থাকি ১৫১৮ত ঢুকায়। তেওঁৰ জন্ম সাধাৰণ বা অসাধাৰণ যিদৰেই হওক, আৰু হিন্দু বা মুছলমান যাৰ ঘৰতেই হওক, মুছলমান নীক (জোলা বা তাঁতী) আৰু নীমাৰ যত্নত বৰ হৈ তাঁতীৰ ব্যৱসায়েৰে জীৱিকা নিৰ্বাহ কৰে। পত্নী লোইৰ গৰ্ভত তেওঁৰ কামাল আৰু কামালী নামে পুত্ৰ-কন্যা দুইৰ জন্ম হয়। পূৰ্ব জন্মৰ সংস্কাৰৰ ফলতে এওঁ জন্ম-জাতৰূপে ব্ৰহ্মজ্ঞান লাভ কৰে বুলি কয়; ৰামানন্দক গুৰু পাবলৈ হাবিয়াস কৰাত স্নেহ বুলি আটায়ে উপহাস কৰাতো হতাশ নহৈ তেওঁ এটা উপায় উলিয়ালে। এৰাতি কবীৰে ৰামানন্দৰ ঘৰৰ বাহিৰ ফালে দুৱাৰ-মুখত