বাৰ
ৰামানন্দ, কবীৰ প্ৰভৃতি প্ৰচাৰকসকল
শিষ্য-পৰম্পৰা ৰামানুজৰ চতুৰ্থ বা পঞ্চম স্থানীয় প্ৰচাৰক ৰামানন্দই উত্তৰ ভাৰতত চতুৰ্দশ শতাব্দীত ধৰ্ম-প্ৰচাৰ কৰে। ভক্তমাল গ্ৰন্থ মতে ৰামানুজ—দেৱাচাৰ্য্য,—ৰাঘৱানন্দ—ৰামানন্দ; আন মতে ৰামানুজ—দেৱানন্দ—হৰিনন্দ—ৰাঘৱানন্দ—ৰামানন্দ। যেনে তেনে, ৰাঘৱানন্দৰ পাছত ৰামানন্দ (১২৯৯-১৪১০); এই ৰাঘৱানন্দয়ে ৰামানুজে প্ৰবাসত শ্ৰী-সম্প্ৰদায়ৰ নিয়ম অনুসৰি ভোজ্য আৰু ভোজন গোপন কৰা নাই বুলি অভিযোগ কৰাত ৰামানন্দ তেওঁলোকৰ পৰা কাটি আহি কৰণীৰ পঞ্চ-গঙ্গা ঘাটত থাকি ৰামাৎ নামে এটা নতুন সম্প্ৰদায় গঠিত কৰে। এওঁলোকে শ্ৰীৰাম, সীতা, লক্ষ্মণ আৰু হনুমানৰ উপাসনা কৰে; তথাপি বিষ্ণুৰ আন মূৰ্ত্তি, তুলসী গছ, শালগ্ৰাম শিল আদিও মানে, আৰু কাশীত এই সম্প্ৰদায়ৰ দুটা মন্দিৰত ৰাধাকৃষ্ণ মূৰ্ত্তিৰ উপাসনাও থকা বুলি জানিবলৈ পোৱা হয়।
খোৱা-পিয়া সম্পৰ্কে ৰামাৎ সম্প্ৰদায়ে ৰুচি আৰু লৌকিক ব্যৱহাৰ মতেই চলে; এওঁলোকৰ বীজ-মন্ত্ৰ “শ্ৰীৰাম”, আৰু অভিবাদন বাক্য “জয় ৰাম”, “জয় ৰাম”, বা “সীতা-ৰাম”।ৰামানুঞ্জৰ সম্প্ৰদায়ৰ দৰে তেওঁলোকৰো তিলক-সেৱা (ফোঁট লোৱা) নিয়ম আছে, কিন্তু সিও তেনে কটকটীয়া নহয়। বৌদ্ধ ধৰ্মৰ দৰে এওঁলোকৰ বিষয়ী বা গৃহী, আৰু ধৰ্মব্ৰতী বা উদাসীন, দুটি ভাগ আছে; এই উদাসীনসকলে তীৰ্থভ্ৰমণত হয় ভিক্ষা নহয় বাণিজ্য কৰি জীৱিকা উলিয়ায়। ঠায়ে ঠায়ে এওঁলোকৰ মঠ থাকে; এই মঠবোৰ সাধাৰণতে গুৰুসকলৰ থকা ঠাই: মঠত এটা বিগ্ৰহ-মন্দিৰ, গৰাকীজনৰ ত্থান (সমাধি), আৰু শিষ্য-সতীৰ্থসকলে