পৃষ্ঠা:Yugnayak Sankardeva.djvu/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এক

বৈদিক ধর্মৰ বহু-শৰণ

প্রাচ্য জগত তথা ভাৰতবর্ষ পুণ্যভূমিয়েই মানুহ জাতিৰ ধৰ্ম-সংস্কাৰৰ ঘাই ঘৰ বুলি কথিত আৰু স্বীকৃত; আৰু ঋক্‌ প্ৰমুখ্যে চাৰিখন বেদেই ইন্দো-ইউৰপীয় তথা ভাৰতীয় ধৰ্মৰ প্ৰথম চাৰি খুটি যে সন্দেহ নাই। সুমেৰীয় ‘তুতি-গীত’ আৰু ইজিপ্তীয় ‘মৃতক-গ্রন্থ’ বেদৰ পূর্ববর্তী বুলি ধৰিলেও বেদৰ “পুষ্পিতা-বাচা”ৰ লগত সেইবােৰৰ তুলনা নহয়। ঋক্‌ বেদৰ “যম-যমী সম্বাদ” আদিৰ ভিতৰেদি আদিম মানৱৰ নৈতিক আৰু সামাজিক উৎকৰ্ষৰ সম্ভেদ আছে। জাতি-প্রেম বা ধর্ম-পৰায়ণতাৰ ৰঙীন্‌ বিত-চকু সােলকাই আধুনিক গবেষণা আৰু বিজ্ঞান-সন্মত বিচাৰৰ পােহৰত চালে এই চাৰি-বেদক অবিমিশ্রিত ধর্ম-শাস্ত্ৰ বুলিবলৈ টান হয়।

 ঋক্‌-সংহিতাত ইন্দ্র-স্তৱ (১৷৩২) আদিৰ দৰে তুতি-মিনতি নথকা গুণানুকীৰ্ত্তনৰ যিবােৰ গীত আছে সেইবােৰত বৈষয়িক জন- গীতৰ সদৌ লক্ষণেই বিদ্যমান; ইয়াৰ বিপৰীতে, গুণানুকীৰ্ত্তন নথকা শুদা ভিক্ষা-প্রার্থনাৰ যিবােৰ গীত যজুৰ্সংহিতাত পােৱা হয় সেইবােৰকো সেই কাৰণেই প্রকৃত ধর্মমূলক স্তৱ বােলা কঠিন। ঋক্‌-সংহিতাত (৭৷১৹৪৷১৫) বধ-শপত আৰু শাও-শপনি দিয়া আৰু দশ পুত্ৰৰ বিয়ােগ-বিলাপৰ গীতাে আছে, সৃষ্টি-তত্ত্বৰ উল্লেখো আছে কিন্তু জন্ম-মৃত্যু অমৰত্ব আদিৰ তত্ত্ব সেইবােৰৰ পৰা বর্জিত। লােকক হােৱায়-নােহােৱায় শাও-শপনি দিয়াৰ দৰে নানা দেৱতাক ভালৰি বােলােৱা স্তৱবােৰত (১৹৷১১৭) যথেষ্ট উষ্মা আছে সচা; পাছে তাৰ উদ্দেশ্য ধনীৰ বা দেৱতাৰ পৰা পুৰােহিত আদিৰ বাবে ধন-সম্পত্তি