পৃষ্ঠা:Yugnayak Sankardeva.djvu/১০১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

এঘাৰ

ৰামানুজৰ পৰবৰ্তী প্ৰচাৰকসকল

অতি পুৰাকালত আৰ্য্য ঋষিসকলৰ হিয়াত যি জ্ঞান প্ৰতিফলিত হৈছিল, সেয়ে বেদ। ব্যাসদেৱে পোনতে এই জ্ঞান-উপদেশবোৰ জুকিয়াই ঋক, যজুঃ, সাম, অথৰ্ব, এই চাৰি সংহিতাত ভাগ কৰে শঙ্কৰদেৱে কীৰ্ত্তন”ত কৈছে--

“ব্যাস নামে ভৈলা সত্যৱতীৰ সন্ততি।
দেখিলাঁহা প্ৰজা ভৈল অতি অল্পমতি।
কৰিলাঁ অনেক শাখা চাৰিও বেদৰ।
পুৰাণ ভাৰত শাস্ত্ৰ নিৰ্মিলাঁ বিস্তৰ।৷” ২৫।

এই সংহিতাবোৰৰ ব্যাখ্যাই ব্ৰাহ্মণ। এই সংহিতা আৰু ব্ৰাহ্মণবোৰে যাগ-যজ্ঞ ক্ৰিয়া-পদ্ধতি প্ৰচলন কৰা বাবে বেদৰ এই আগছোৱাক কৰ্মকাণ্ড বোলা হয়। শেষৰ কিছুমান ব্ৰাহ্মণ, আৰণ্যক আৰু উপনিষদত আত্মা, ব্ৰহ্ম আৰু সৃষ্টিতত্ত্ব আলোচনা কৰা হয় বাবে বেদৰ এইশেষ ছোৱাক জ্ঞান-কাণ্ড বোলা হয়। য’ত বেদৰ শেষ লক্ষ্যৰ মূল তত্ত্বসমূহ পোৱা হয় আৰু যি জ্ঞান লভিলে যাগ-যজ্ঞৰ অন্ত-পৰে, ক্ৰিয়া-বাহুল্যৰ কোনো প্ৰয়োজন নাথাকে, সেয়ে বেদৰ অন্ত; গতিকে এই জ্ঞান-কাণ্ডকে বেদান্তও বোলা হয়। মূলতে আৰণ্যক আদি উপনিষদসমূহ; তাৰ চমুকৰণ ব্ৰহ্মসূত্ৰ, আৰু সাৰাংশ গীতা : গতিকে বেদান্ত বুলিলে উপনিষদ, ব্ৰহ্মপুত্ৰ, আৰু গীতা, তিনিওকে বুজায়; কিন্তু বেদান্তদৰ্শন বুলিলে শুদা ব্ৰহ্মসূত্ৰকহে বুজায়। আন প্ৰকাৰে, তিনি প্ৰস্থান: (ক) অনেক কাল পুৰুষ- পৰম্পৰা উপনিষদৰ জ্ঞান-উপদেশবোৰ শুনি অহা হৈছিল বুলি ইয়াৰ নাম শ্ৰুতি, আৰু ইয়াক বেদৰ শ্ৰুতিপ্ৰস্থান বোলা হয়। (খ) উপনিষদবোৰৰ জ্ঞানময় কথাৰ সামাঞ্জস্য আৰু ন্যায় বিচাৰ কৰি দিয়াৰ বাবে ব্ৰহ্মসূত্ৰক বোলা হয় ন্যায় প্ৰস্থান; আৰু (গ) উপনিষদ .