পৃষ্ঠা:Swagatam Pariksha.pdf/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বাগতম পৰীক্ষা


পাৰি। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অভূতপূৰ্ব দ্ৰুত উন্নতিয়ে মানুহৰ জীৱন ধাৰণৰ মান অকল্পনীয়ভাৱে বৃদ্ধি কৰিছে আৰু লগতে বৃদ্ধি কৰিছে মানৱ জীৱনৰ বৈচিত্ৰ্য। এই চমকপ্ৰদ বৈচিত্ৰ্যই মানৱ সমাজৰ শিক্ষাব্যৱস্থাতো বৰ্ণাঢ্য বিচিত্ৰতা আনি দিছে আৰু ইয়ে দিছে শিক্ষাব্যৱস্থাৰ অবিচ্ছেদ্য অংগ পৰীক্ষাতো নৱ নৱ ৰূপ।

 মানৱ সমাজৰ বক্ষস্থলত অজান শিশু এটি জন্মগ্ৰহণ কৰাৰ পিছত ইয়াৰ শাৰীৰিক আৰু মানসিক বিকাশৰ কালছোৱাত ইয়াক উপযুক্তভাৱে গঢ় দি সুনাগৰিক কৰি গঢ়ি তোলাই সাধাৰণ শিক্ষাৰ উদ্দেশ্য তথা লক্ষ্য। ইয়াত ‘সুনাগৰিক’ শব্দেৰে এনে মানৱ সন্তানকে বুজোৱা হৈছে যিসকলে মানৱ সমাজৰ বিভিন্ন ক্ৰিয়া-কলাপত দৃঢ়তাৰে অংশগ্ৰহণ কৰি মানৱ সমাজৰ বিকাশত সহায় কৰিব পাৰে, আৰু তাৰ জৰিয়তে নিজ সমাজক সুখী কৰাৰ লগতে নিজেও সুখী হ’ব পাৰে। কিন্তু সভ্যতাই চৰম শিখৰত উপনীত হোৱা অৱস্থাত মানৱ সমাজৰ ক্ৰিয়া-কলাপৰ বৈচিত্ৰ্যয়ো এক নৱৰূপ ধাৰণ কৰিছে আৰু তাৰ লগতে সংগতি ৰাখি শিক্ষাব্যৱস্থা তথা ইয়াৰ লগতে অংগাংগীভাৱে জড়িত পৰীক্ষা পদ্ধতিয়েও এক বহুমুখী ৰূপ পৰিগ্ৰহণ কৰিছে। আজিৰ যুগত পৰীক্ষাৰ ক্ষেত্ৰবোৰৰ ভিতৰত উপাধি দিয়াৰ বাবে পতা সাধাৰণ গতানুগতিক পৰীক্ষাবোৰৰ উপৰিও বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, প্ৰযুক্তিবিদ্যা বা গৱেষণাৰ অনুষ্ঠান অথবা এই প্ৰতিষ্ঠানসমূহে প্ৰদান কৰা বিভিন্ন বিশেষ পাঠ্যক্ৰমবোৰত ভৰ্তি হোৱাৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষা; বিভিন্ন বিশেষ পাঠ্যক্ৰম পঢ়িবৰ বাবে নাইবা গৱেষণাৰ বাবে ভিন ভিন অনুষ্ঠান-প্ৰতিষ্ঠান, স্মৃতিসভা, সংগঠন, সমিতি, চৰকাৰ আদিয়ে আগবঢ়োৱা বৃত্তিৰ বাবে পতা পৰীক্ষা; বিভিন্ন চাকৰিৰ প্ৰমোচনৰ বাবে বিভাগবোৰৰ মাজতে পতা পৰীক্ষা; অথবা জাতীয় বা আন্তৰ্জাতিক পৰ্যায়ত খেলা-ধূলা, সংগীত, নাটক আদিত যোগদানৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষা ইত্যাদি উদ্দেশ্যৰ বহুমুখিতা আজি কাৰো অবিদিত হৈ থকা নাই। উদ্দেশ্যৰ এনেবোৰ বৈচিত্ৰ্যৰ কথা আগত ৰাখি এই পৰীক্ষাবোৰৰ জৰিয়তে পৰীক্ষা কৰিব খোজা হৈছে পৰীক্ষাৰ্থীৰ বোধশক্তি, ধাৰণা কৰাৰ ক্ষমতা, যুক্তিযুক্ততাৰ ক্ষমতা, তুলনা কৰিব পৰা শক্তি, স্মৃতিশক্তি, তৎপৰতা, বৰ্ণনা কৰাৰ সামৰ্থ্য, দ্ৰুত লিখন-পঠন, দ্ৰুতভাৱে অংক কৰাৰ ক্ষমতা, মানসিক সুস্থতা, শাৰীৰিক সুস্থতা, শাৰীৰিক বল, দ্ৰুতভাৱে দৌৰাৰ ক্ষমতা, দূৰলৈ জপিওৱাৰ ক্ষমতা, ওপৰলৈ জপিওৱাৰ দক্ষতা, ওজন দঙাৰ ক্ষমতা, স্থিৰভাৱে লক্ষ্যভেদ কৰাৰ ক্ষমতা, বিভিন্ন ধৰণে সাঁতোৰা বা ডুব মৰাৰ ক্ষমতা, বিভিন্ন বাধাৰ মাজেৰে লক্ষ্যস্থানত উপনীত হোৱাৰ ক্ষমতা, বিভিন্ন যন্ত্ৰপাতি বা যান-বাহন চলোৱাৰ দক্ষতা, বিভিন্ন প্ৰতিকূল অৱস্থাত খাপ খোৱাৰ ক্ষমতা, গীত-নৃত্য, বাদ্য পৰিবেশন কৰাৰ দক্ষতা, বিভিন্ন চৰিত্ৰৰ

অভিনয় কৰাৰ ক্ষমতা ইত্যাদি ইত্যাদি। ইয়াৰ বাবে অনুষ্ঠিত কৰা হৈছে লিখিত পৰীক্ষা,