পৃষ্ঠা:Swagatam Pariksha.pdf/৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বাগতম পৰীক্ষা

সাৱধান হ’ব লাগে যাতে নিৰ্দিষ্ট অংশৰ প্ৰশ্নৰ উত্তৰ সেই নিৰ্দিষ্ট উত্তৰৰ বহীতহে কৰা হয়— বেলেগ অংশৰ প্ৰশ্নৰ উত্তৰ বেলেগ অংশৰ বহীত কৰা নহয়। পৰীক্ষাগৃহত মানিবলগীয়া নিয়মসমূহ কেতিয়াবা পৰীক্ষাৰ বহীৰ প্ৰথম পৃষ্ঠাতে ছপা কৰা হয়। সেইবোৰ ভালদৰে পঢ়ি চাই তাক দৃঢ়ভাৱে অনুসৰণ কৰিবলৈ সাজু হ’ব লাগে। কলম আদি উলিয়াই লৈ ডেস্ক বা মেজত থ’ব লাগে, হাতত পিন্ধা ঘড়ী খুলি সন্মুখত সময় চাব পৰাকৈ ৰাখিব লাগে আৰু সম্পূৰ্ণ শান্ত মস্তিষ্কৰে, সাহসেৰে, নিৰ্বিকাৰভাৱে প্ৰশ্নকাকত

বিতৰণলৈ বাট চাব লাগে।❏

৫২